ETV Bharat / state

দ্বিপো নৈৰ সোঁতত সলিল সমাধি কিশোৰৰ - দ্বিপো নৈৰ সোঁতত সলিল সমাধি কিশোৰৰ

ছাত্ৰজন নিখোজ হোৱা সন্দৰ্ভত স্থানীয় ৰাইজে ততাতৈয়াকৈ প্ৰশাসনৰ লগতে SDRF বাহিনীক খবৰ কৰে ৷

Bilashipara
দ্বিপো নৈৰ সোঁতত সলিল সমাধি কিশোৰৰ
author img

By

Published : Jun 27, 2020, 6:40 PM IST

পশ্চিম বিলাসীপাৰা, 27 জুনঃ ধুবুৰী জিলাৰ অন্তৰ্গত দ্বিপো নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন হয় লক্ষীগঞ্জ চোকাপাৰা গাঁৱৰ ছাহিদুল ইছলামৰ পুত্ৰ ৰাব্বিউল ইছলাম ওৰফে ৰ'জ ৷ ছাত্ৰজন নিখোজ হোৱা সন্দৰ্ভত স্থানীয় ৰাইজে ততাতৈয়াকৈ প্ৰশাসনৰ লগতে SDRF বাহিনীক খবৰ কৰে ৷ ফলত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে SDRF বাহিনীয়ে ৷ কিন্তু বহু সময়লৈ কিশোৰজনৰ কোনো সন্ধান লাভ নকৰে পৰিয়ালৰ লোকে ৷

লগতে পঢ়কঃ বান প্ৰলয়ঃ বিগত এমাহে জলবন্দী দধীয়া-লাইকাবাসী

পৰৱৰ্তী সময়ত স্থানীয় ডুবাৰোৱে কিশোৰজনৰ মৃতদেহটো নৈৰ পৰা উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, নৈত মাছ মৰা জাল তুলিবলৈ গৈ মৃত্যুমুখত পৰে নৱম শ্ৰেণীৰ ছাত্ৰজন ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে |

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.