ETV Bharat / state

ধুবুৰী আৰক্ষী চাউনীত ৰক্তদান শিৱিৰৰ আয়োজন

author img

By

Published : Nov 4, 2020, 9:32 PM IST

ধুবুৰী জিলাৰ আৰক্ষী চাউনীত আয়োজন কৰা ৰক্তদান শিৱিৰত জিলা আৰক্ষী অধীক্ষক আৰু আৰক্ষী জোৱানসহ প্ৰায় শতাধিক লোকে ৰক্তদান কৰে । জিলা আৰক্ষী প্ৰশাসনৰ তৎপৰতাত দ্যা হিউমেনিটিৰ সহযোগত ‘পৰম’ নামৰ এটা সংগঠনে এই ৰক্তদান শিৱিৰৰ আয়োজন কৰে ৷

Blood donation camp in Dhubri Police Station
ধুবুৰী আৰক্ষী চাউনীত ৰক্তদান শিৱিৰৰ আয়োজন

ধুবুৰী,4 নৱেম্বৰ : বুধবাৰে ধুবুৰী জিলাৰ আৰক্ষী চাউনীত ৰক্তদান শিৱিৰৰ আয়োজন । জিলা আৰক্ষী প্ৰশাসনৰ তৎপৰতাত দ্যা হিউমেনিটিৰ সহযোগত ‘পৰম’ নামৰ এটা সংগঠনে আয়োজন কৰে ৰক্তদান শিৱিৰৰ ।

প্ৰথমে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৰক্তদান কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই ৰক্তদান শিৱিৰত জিলা আৰক্ষী অধীক্ষক আৰু আৰক্ষী জোৱানসহ প্ৰায় শতাধিক লোকে ৰক্তদান কৰে । ৰক্তদান কৰি নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে নৱ প্ৰজন্মক আগুৱাই আহিবলৈ আহ্বান জনায় জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ।

উল্লেখ্য যে,ধুবুৰী অসামৰিক চিকিৎসালয়ত ৰক্তৰ নাটনি হোৱাৰ সময়তে শতাধিক লোকে ৰক্তদান দিয়া বিষয়টো এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁ‌হবাৰীত কাছসহ এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.