ETV Bharat / state

বিধায়ক নজৰুল হকৰ বিৰুদ্ধে ধুবুৰীত বিজেপিৰ সংবাদমেল - কাছাৰীহাট পঞ্চায়ত

ধুবুৰীত বিজেপিৰ সংবাদমেল ৷ সংবাদমেলত ধুবুৰী সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে বহুতো অভিযোগ উত্থাপন কৰে ৷ লগতে, সাংসদ বদৰুদ্দিন আজমলকো কটাক্ষ কৰে সংবাদমেলত ৷

bjps-press-meet-in-dhubri-against-mla-nazrul-haque
বিধায়ক নজৰুল হকৰ বিৰুদ্ধে ধুবুৰীত বিজেপিৰ সংবাদমেল
author img

By

Published : Dec 22, 2020, 7:55 PM IST

ধুবুৰী, 22 ডিচেম্বৰ : মঙলবাৰে ধুবুৰী জিলা বিজেপিৰ ঝগৰাৰ মণ্ডল কাৰ্যালয়ত বিজেপিয়ে এখন সংবাদমেল আয়োজন কৰি ধুবুৰী সমষ্টিৰক বিধায়কৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে ৷ সংবাদমেলত মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক আবু চায়েদে অভিযোগ উত্থাপন কৰি কয় যে, ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হকৰ কাৰ্যকালত বিভিন্ন আঁচনি ৰূপায়নত চৰম দুৰ্নীতি সংঘটিত হৈছে ৷

মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক আবু চায়েদৰ মন্তব্য

ইপিনে, ধুবুৰী সমষ্টিৰ কাছাৰীহাট পঞ্চায়তৰ এখন দলঙৰ আধাৰশিলা স্থাপন কৰিব গৈ বিধায়ক গৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে দিয়া ভাষণৰ প্ৰসংগ উত্থাপন কৰিও থকাসৰকা কৰে বিধায়ক গৰাকীক । লগতে, বিধায়ক গৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ মনে সজা আৰু ভিত্তিহীন বুলি দাবী কৰে চায়েদে । ইপিনে, বিপদৰ সময়ত বিধায়ক গৰাকীক সমষ্টিবাসীয়ে লগ নাপায় বুলি উল্লেখ কৰাৰ সমান্তৰালকৈ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধেও সমালোচনা কৰা পৰিলক্ষিত হয় সংবাদমেলত ।

লগতে, এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ নামত বিদেশৰ পৰা আজমল ফাউণ্ডেচনে বহু টকা আনি লুণ্ঠনৰাজ চলাইছে বুলিও অভিযোগ তোলে সংবাদমেলত ।

লগতে পঢ়ক : প্ৰসৱৰ 24 ঘণ্টাৰ ভিতৰত সদ্যজাত সন্তানক লৈ খোজকাঢ়ি ঘৰমুৱা প্ৰসুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.