ETV Bharat / state

তৃণমূল কৰ্মীৰ প্ৰতিবাদত উত্তাল ধুবুৰী জিলা বিজেপিৰ কাৰ্যালয়

author img

By

Published : Feb 14, 2022, 8:13 AM IST

প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দেওবাৰে উত্তাল হৈ পৰে ধুবুৰী জিলা বিজেপিৰ কাৰ্যালয় । বিজেপিৰ বন্ধ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা বিজেপিৰ সভাপতিৰ বাসগৃহ ঘেৰাও ক্ষুদ্ধ তৃণমূল কৰ্মীৰ ৷ নিৰ্বাচনত যোগ্য প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে কংগ্ৰেছক সমৰ্থনৰ হুংকাৰ বিজেপি কৰ্মীৰ (BJP workers protest to want preferred candidate)।

bjp-workers-protest-at-dhubri
বিজেপি কৰ্মীৰ প্ৰতিবাদত উত্তাল বিজেপি কাৰ্য্যালয়

ধুবুৰী, 14 ফেব্ৰুৱাৰী : শাসক দল বিজেপিয়ে পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থী বাচনিক লৈ ৰাজ্যিক পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰাৰ সময়তে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতে জ্বলাইছে ধুবুৰীক । ধুবুৰী পৌৰসভাৰ ১, ৩, ১১ আৰু ১৬ নং ৱাৰ্ডত যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ অভিযোগত দেওবাৰে জিলাখনৰ বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(BJP workers protest at Dhubri) ।

ধুবুৰীৰ ১ নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড কমিচনাৰ ৰাম চন্দ্ৰ গোৱালাক পুনৰবাৰ দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ খবৰ লাভ কৰাৰ লগে লগে ৱাৰ্ডৰ অন্যতম প্ৰাৰ্থী প্ৰত্যাশী উমেশ কুমাৰ ৰায়ৰ শতাধিক সমৰ্থকে কাৰ্যালয়ত উপস্থিত হৈছে প্ৰতিবাদ সাব্যস্ত কৰে(Protest against allegations of depriving eligible BJP candidates)। সমান্তৰালকৈ ৩ নং ৱাৰ্ডত এজন ব্যৱসায়ী ব্যক্তিক টিকট প্ৰদানৰ পিছতেই প্ৰাৰ্থী প্ৰত্যাশী মদন দাসৰ সমৰ্থনত শতাধিক বিজেপি কৰ্মীয়ে হাতে হাতে দলীয় পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে জিলা বিজেপি কাৰ্যালয় ।

একে সময়তে ১১ নং ৱাৰ্ডত পূৰ্বৰ ৱাৰ্ড কমিচনাৰকেই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ খবৰ লাভ কৰি দলীয় প্ৰাৰ্থী প্ৰত্যাশী ৰতন আৰু ৰাকেশৰ সমৰ্থকসকলেও প্ৰতিবাদ সাব্যস্ত কৰি যোগ্য প্ৰাৰ্থীক টিকট প্ৰদানৰ দাবী উত্থাপন কৰে । আনপিনে ১৬ নম্বৰ ৱাৰ্ডত প্ৰাক্তন ৱাৰ্ড কমিচনাৰ দুলু বীণৰ পত্নীক দলীয় টিকট প্ৰদানৰ খবৰ পোৱাৰ লগে লগেই নৱনিতা ৰায়ক দলীয় টিকট প্ৰদানৰ দাবীত প্ৰায় অৰ্ধ শতাধিক সমৰ্থকে পৰিয়ালকেন্দ্ৰিক প্ৰাৰ্থীত্ব প্ৰদানৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়(allegations of depriving eligible BJP candidates) ।

এনেদৰে দেওবাৰে পুৱাৰে পৰা ধুবুৰী জিলা বিজেপি কাৰ্যালয়ৰ সন্মুখত যোগ্য প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীৰে চহৰখনৰ বিভিন্ন ৱাৰ্ডৰ একাংশ বিজেপিৰ তৃণমূল কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ'ল । তলা ওলমি থকা বিজেপি কাৰ্যালয়ত হাতে হাতে দলীয় পতাকা লৈ বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে(BJP workers protest) ৷

ইয়াৰ পিছতে উত্তেজিত দলীয় কৰ্মীসকলে জিলা কাৰ্যালয়ৰ পৰা সমদল উলিয়াই জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালৰ বাসগৃহ ঘেৰাও কৰি দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । সম্প্ৰতি যোগ্য প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ আৰু কংগ্ৰেছক সমৰ্থনৰ হুংকাৰ প্ৰদান কৰে বিজেপি কৰ্মীসকলে ৷ মুঠৰ ওপৰত এতিয়া ধুবুৰীত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতে দহিছে ধুবুৰী জিলা বিজেপিক।

লগতে পঢ়ক : কেন্দ্ৰীয় বাজেটৰ গুনাণুকীৰ্তন গুৱাহাটীৰ সাংসদ কুইন ওজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.