পূৱ বিলাসীপাৰা, ২৫ মাৰ্চ: ধুবুৰীৰ চাপৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তুলাধুনা বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা বিহাৰৰ বিজেপি নেতা শ্বাহনৱাজ হুছেইনৰ ।
কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মহাজোঁটক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে, প্ৰথমে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই বদৰুদ্দিন আজমলক লৈ তাচ্ছিল্য কৰিছিল আৰু এতিয়া বদৰুদ্দিনক কান্ধত লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিছে ।
লগতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা বিক্ৰম-বেতালৰ সম্পৰ্কৰ সৈতে তুলনা কৰি কটাক্ষ কৰে শ্বাহনৱাজ হুছেইনে । লগতে তেওঁ কয় যে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফে সমাজক বিভক্ত কৰিব বিচাৰিছে । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমাজৰ সকলো লোককে একতাৰ এনাজৰীৰে বান্ধিব বিচাৰিছে ।
তেওঁ কংগ্ৰেছক পানীত ডুব গৈ থকা জাহাজ বুলিও তাচ্ছিল্য কৰে । বুধবাৰে বিলাসীপাৰা পূৱ সমষ্টিৰ চাপৰৰ গান্ধী ময়দানত বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে শ্বাহনৱাজ হুছেইনে ।