ধুবুৰী,16 মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰচাৰ তীব্ৰ কৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-পালিনেতাই ৷ ইয়াৰ মাজতে মঙলবাৰে বৃহৎ শক্তি প্ৰদৰ্শনেৰে মনোনয়ন দাখিল কৰিলে ধুবুৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাঃ দেৱময় সান্যালে ৷ ধুবুৰী জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা বিশাল শোভাযাত্ৰাৰে গৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাৰ হাতত মনোনয়ন দাখিল কৰিলে নেতা গৰাকীয়ে ৷ এইবাৰৰ নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা তেওঁ বিপুল ভোটত জয় যুক্ত হ'ব বুলি দাবী কৰিছে ডাঃ দেৱময় সান্যালে ৷
উল্লেখ্য যে,সমষ্টিটোত এইবাৰ হিন্দু সম্প্ৰদায়তকৈ সংখ্যালঘু সম্প্ৰদায়ৰ ভোট বেছিকৈ লাভ কৰিব বুলি দাবী কৰে ডাঃ সান্যালে ৷ ইপিনে এ আই ইউ ডি এফৰ প্ৰাৰ্থী নজৰুল হকক সমালোচনা কৰি নজৰুল হকে বিগত পাঁচ বছৰীয়া কাৰ্যকালত সমষ্টিৰ উন্নয়ন কৰিব পৰা নাই বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ লগতে এইবেলি নজৰুল হকে প্ৰাৰ্থিত্ব বিচাৰিবই নালাগিছিল বুলি মন্তব্য কৰে বিজেপি প্ৰাৰ্থী ডাঃ দেৱময় সান্যালে ৷
লগতে পঢ়কঃ তেজপুৰৰ নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য