পূৱ বিলাসীপাৰা, ২৮ নৱেম্বৰ: ধুবুৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখনি শনিবাৰে পূৱ বিলাসীপাৰাৰ চাপৰৰ প্ৰগতি ভৱনত অনুষ্ঠিত হয় ৷ সভাত আগন্তুক অসমৰ বিধান সভা নিৰ্বাচনত মহিলা সকলৰ ভূমিকাৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে মহিলা মৰ্চাৰ কৰ্মীসকলে ।
উক্ত সভাত উপস্থিত থাকে বিজেপি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা লুচি ৰায় আৰু মহিলা মৰ্চাৰ জিলা প্ৰভাৰী মৌচুমী চক্ৰৱৰ্তী ৷ উল্লেখ্য যে, আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে ৰাজ্যিক মহিলা মৰ্চাই তৃণমূল পৰ্যায়ৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছে বুলি সদৰি কৰে মহিলা মৰ্চাৰ ধুবুৰী জিলাৰ নেতৃত্বই ৷