ETV Bharat / state

ৰমজানৰ বতৰত বজাৰত জুই - price hike

ধুবুৰীৰ বজাৰত ফলমূলৰ আকাশলংঘী মূল্যই জলাকলা খুৱাইছে গ্ৰাহকসকলক । ৰমজান আৰম্ভ হোৱাৰ লগে লগেই প্ৰতিবাৰেই ফল-মূলৰ মূল্যবৃদ্ধি ঘটিছে বজাৰ সমূহত ।

ৰমজানৰ বতৰত বজাৰত জুই
author img

By

Published : May 9, 2019, 11:17 PM IST

ধুবুৰী,9মে': এফালে ৰমজানৰ বতৰ আনফালে ফল-মূলৰ অকাশলংঘী মূল্য ৷ বিপদত পৰিছে সাধাৰণ ৰাইজ ৷ ৮০ টকাৰ তলত বজাৰত নাই কোনো ফল-মূল, কাৰণ এতিয়া ৰমজানৰ বতৰ ৷ সেয়ে বজাৰত বৃদ্ধি পাইছে সকলো ফলমূলৰ দাম ৷ এই সম্পৰ্কত চাওঁক আমাৰ এক প্ৰতিবেদন...

ৰমজানৰ বতৰত বজাৰত জুই

ধুবুৰী,9মে': এফালে ৰমজানৰ বতৰ আনফালে ফল-মূলৰ অকাশলংঘী মূল্য ৷ বিপদত পৰিছে সাধাৰণ ৰাইজ ৷ ৮০ টকাৰ তলত বজাৰত নাই কোনো ফল-মূল, কাৰণ এতিয়া ৰমজানৰ বতৰ ৷ সেয়ে বজাৰত বৃদ্ধি পাইছে সকলো ফলমূলৰ দাম ৷ এই সম্পৰ্কত চাওঁক আমাৰ এক প্ৰতিবেদন...

ৰমজানৰ বতৰত বজাৰত জুই
Intro: ধুবুৰীৰ বজাৰত অস্বাভাৱিক হাৰত ফলমূলৰ মূল্যবৃদ্ধি। ৰোমজানৰ ৰোজা আৰম্ভ হোৱাৰ লগে লগে প্ৰতিবাৰেই ফলমূলৰ মূল্যবৃদ্ধি ঘটে বজাৰত। কিন্তু নিৰ্বিকাৰ ধুবুৰী জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগ।


Body: ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰোমজান মাহৰ এমহীয়া ৰোজা আৰম্ভ হোৱাৰ লগে লগে ফলমূলৰ অস্বাভাৱিক হাৰত মূল্যবৃদ্ধি ঘটে বজাৰত। ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ বজাৰতো ফলমূলৰ জুইচাই দাম। কোনোবাই যদি মালভোগ কল প্ৰতিকিলোঁ ১০০ টকা বিচাৰিছে। আন কোনোবাই বিচাৰিছে ৭০ টকা বা ৮০ টকা। আনহাতে আপেলৰ প্ৰতিকিলোঁ দাম ১৩০-১৬০ টকা, আমৰ প্ৰতিকিলোঁ মূল্য ৮০-১২০ টকালৈ, আঙুৰৰ প্ৰতিকিলোঁ ১০০-১৩০ টকালৈ, কমলা প্ৰতিকিলোঁ ১০০-১২০ টকালৈ বিক্ৰী কৰা হৈছে।

মুঠৰ ওপৰত প্ৰতিটো ফলমূলৰ অকাশলঙি মূল্যবৃদ্ধি ঘটাত সাধাৰণ ৰাইজে মূৰে কপালে হাত দিব লগীয়া হৈছে। কিন্তু এই ক্ষেত্ৰত জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগ সম্পূৰ্ণ নীৰৱ হৈ আছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসন আৰু জিলা কৰ্তৃপক্ষই।

Byte:- ক্রেতা/বিক্রেতা


Conclusion: উল্লেখযোগ্য যে, ৰোমজান মাহৰ ৰোজাৰ গইনা লৈ একাংশ মধ্যভোগী ব্যৱসায়ীয়ে ফলমূলৰ নাটনি দেখুৱাই অধিক মূল্যত ফলমূল বিক্ৰী কৰি আহিছে। যদিওঁ এই ক্ষেত্ৰত জিলা কর্তৃপক্ষৰ ভূমিকা অতি ৰহস্যজনক।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.