ধুবুৰী, 6 নৱেম্বৰ: অসম লেখিকা সংস্থাৰ ২০২২ বৰ্ষৰ লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা (Lavanya Hazarika Ideal Mother Award 2022) প্ৰদান অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয় ধুবুৰীত ৷ গহপুৰৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বীণা শৰ্মালৈ আদৰ্শ মাতৃ বঁটা প্ৰদান কৰা হয় (Bina Sarma awarded Lavanya Hazarika Ideal Mother Award 2022) ৷ প্ৰবল ইচ্ছা শক্তি আৰু একাগ্ৰতা থাকিলে যিকোনো বাধা বা প্ৰত্যাহ্বানক নেওচি নিজৰ লক্ষ্যত উপনীত হোৱাটো সহজ হৈ পৰে ৷ আনকি এটা সময়ত সমাজত নিজকে এজন আদৰ্শবান ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি ।
২০০৯ চনৰ পৰা অসম লেখিকা সংস্থাই অসমৰ কেইবাগৰাকী মাতৃক লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদান কৰাৰ পিছত এইবেলি ২০২২ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় বীণা শৰ্মাক । ধুবুৰীত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বীণা শৰ্মালৈ এই বঁটা আগবঢ়ায় অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী তথা আদৰ্শ মাতৃ বঁটা প্ৰাপক মৃণালিনী শৰ্মাই । নিজৰ ভাষণত প্ৰাচীন মাতৃ আৰু বৰ্তমানৰ মাতৃক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে মৃণালিনী শৰ্মাই । সমান্তৰাল ভাৱে লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা লাভ কৰি আনন্দিত হৈ পৰে বীণা শৰ্মা ।
আনহাতে লেখিকা সংস্থাৰ সভানেত্ৰী মৃদুলা শৰ্মাই উল্লেখ কৰা মতে ২০০৯ চনৰ পৰাই ডিব্ৰুগড়ৰ ধৰ্মপ্ৰাণা তথা উদ্যোগী আৰু আদৰ্শ নাৰী লাৱণ্য হাজৰিকাৰ নামত আদৰ্শ মাতৃৰ বঁটা প্ৰদান কৰি অহা হৈছে । লগতে তেওঁ কয় যে, বঁটা হিচাপে মানপত্ৰ, ফুলাম গামোচা, জাপি আৰু এযোৰ কাপোৰৰ লগতে ২৫ হাজাৰ টকা দিয়া হয় বঁটা প্ৰাপক বীণা শৰ্মাক । উল্লেখ্য যে, বঁটা প্ৰাপক বীণা শৰ্মা নৱম শ্ৰেণীত অধ্যয়নৰত অৱস্থাতেই স্কুল ইউনিফৰ্ম খুলি বিয়াৰ সাঁজ পৰিধান কৰি বৈবাহিক জীৱনৰ পাতনি মেলিছিল ১৯৭২ চনৰ ২৫ মে’ত । গহপুৰৰ বি এছ চি শিক্ষক ফণীন্দ্ৰ শৰ্মাৰ সৈতে বৈবাহিক জীৱন আৰম্ভ কৰা বীণা শৰ্মাই যৌথ পৰিয়ালৰ সংসাৰিক ব্যস্ততাৰ মাজত সোমাই পৰে । কিন্তু তেওঁৰ প্ৰবল ইচ্ছা আৰু মনোবল অটুট আছিল শিক্ষাৰ ক্ষেত্ৰত ।
সেইবাবে স্বামী ফণীন্দ্ৰ শৰ্মাই নিজৰ পত্নীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সকলো সহায় সহযোগ কৰাৰ ফলত নিজৰ সংসাৰৰ ব্যস্ততাৰ মাজতো ঘৰতেই আজৰি সময়ত অধ্যয়ন কৰি এটা সময়ত উচ্চ শিক্ষাৰে শিক্ষিত হবলৈ সক্ষম হয় বীণা শৰ্মা ।
হিন্দী বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণ হোৱাৰ পিছত এটা সময়ত বীণা শৰ্মাই গহপুৰ বড়ো হাইস্কুলত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি এক নতুন জীৱন আৰম্ভ কৰে । ফণীন্দ্ৰ শৰ্মা আৰু বীণা শৰ্মাৰ বৈবাহিক জীৱনৰ সাক্ষী হিচাপে জন্ম লয় এগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান । শিক্ষাৰ এক সুস্থ বাতাৱৰণ থকা পৰিয়ালটোত জন্মগ্ৰহণ কৰা জ্যেষ্ঠ পুত্ৰ ড৹ জয়ন্ত কৃষ্ণ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, ডাঙৰ জীয়াৰী ড৹ ৰশ্মিৰেখা শৰ্মা বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু সৰু জীয়াৰী ৰোজীৰাণী শৰ্মা ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত হৈ আছে।
বীণা শৰ্মাই নিজে হেজাৰ বাধা আৰু প্ৰত্যাহ্বানক নেওচি উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ বিপৰীতে নিজৰ তিনি সন্তানকো উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ সক্ষম হৈছে । সেয়ে বীণা শৰ্মা এগৰাকী আদৰ্শ মাতৃ হিচাপে চিহ্নিত হৈছে সমাজত । যাৰ বাবেই অসম লেখিকা সংস্থাই ২০২২ চনৰ বাবে লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদানৰ বাবে নিৰ্বাচিত কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী বীণা শৰ্মাক।
উল্লেখ্য যে, আজিৰ বঁটা প্ৰদান অনুষ্ঠানত বঁটা দাতা পৰিয়ালৰ জ্যেষ্ঠ পুত্ৰ পদ্মশ্ৰী ড৹ সূৰ্য হাজৰিকা প্ৰমুখ্যে পৰিয়ালবৰ্গৰ উপস্থিতিত 'আদর্শ মাতৃ’ সম্পর্কত এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই।
উক্ত অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী শৰ্মাৰ লগতে লেখিকা সংস্থাৰ সকলো বিষয়ববীয়া উপস্থিত থকাৰ বিপৰীতে বঁটা প্ৰাপক বীণা শৰ্মাৰ উপৰিও তেওঁৰ একমাত্র পুত্র আৰু দুই কন্যাও উপস্থিত থাকে।
লগতে পঢ়ক: Cotton University Elections 2022: তুংগত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন