বিলাসীপাৰা, 11 নৱেম্বৰঃ বিলাসীপাৰাৰ ঘাসবাৰী গাঁৱত অৱস্থিত এখন ব্যতিক্ৰমী বিদ্যালয় আৰু এগৰাকী ব্যতিক্ৰমী প্ৰধান শিক্ষক | প্ৰধান শিক্ষক ৰবিয়াল হকৰ ভাষ্য শুনিলে আপোনাৰো চকু কপালত উঠিব | সমগ্ৰ দেশতে 5 ছেপ্টেম্বৰত উদযাপিত হয় শিক্ষক দিৱস ৷ পিছে এইজন ছাৰৰ মতে আকৌ শিক্ষক দিৱসৰ তাৰিখ সুকীয়া ৷ কাৰন, আজি ১১ নৱেম্বৰৰ দিনা বিদ্যালয়ত তেখেতে উদযাপন কৰিছে শিক্ষক দিৱস | প্ৰকৃততে আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস ৷ শিক্ষক দিৱস আৰু শিক্ষা দিৱসৰ সাম্যক জ্ঞান নথকা এই গৰাকী প্ৰধান শিক্ষকৰ এনে মন্তব্যই ৰাজ্যৰ একাংশ বিদ্যালয়ত চলি অহা অনিয়মৰ প্ৰকৃত স্বৰূপ উদঙাই তুলিছে |
উল্লেখ্য যে, বিলাসীপাৰাৰ ঘাসবাৰী গাঁৱত অৱস্থিত প্ৰাথমিক বিদ্যালয়খনৰ নামত 36 নং পাট্টা আৰু 154/372 দাগত এবিঘা মাটি পঞ্জীয়নভূক্ত হৈ আছে ৷ একাংশ ৰাইজে অভিযোগ তুলিছিল যে, ছলেমান আলী নামৰ এজন লোকে বেদখল কৰিছে বিদ্যালয়খনৰ ভূমি ৷ ঘটনাৰ শুংসূত্ৰ বিচাৰি সোমবাৰে বিদ্যালয়ত উপস্থিত হয় সাংবাদিকৰ এটা দল ৷ সাংবাদিকে ঘটনা সন্দৰ্ভত কথা পাতে প্ৰধান শিক্ষক ৰবিয়াল হকৰ সৈতে ৷ সেই সময়তেই স্পষ্ট হৈ পৰে প্ৰধান শিক্ষকজনৰ জ্ঞানৰ ভঁড়াল ৷
আনহাতে, বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ নামত আৱন্টিত মধ্যাহ্ন ভোজনৰ চাউল আৰু ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল প্ৰধান শিক্ষক ৰবিয়াল হকৰ বিৰুদ্ধে ৷ কিন্তু এই সকলো অভিযোগ নস্যাৎ কৰিছে প্ৰধান শিক্ষকজনে ৷ শিক্ষাৰ্থীৰ ভৱিষ্যৎ গঢ়াৰ বাবে শিক্ষকতাৰ বৃত্তিত নিয়োজিত এইগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীক কি জ্ঞান বিলাব সেইয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷