ধুবুৰী, 27 ছেপ্তেম্বৰঃ দেওবাৰে কেইবাটাও দাবীৰে বিলাসীপাৰাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাঙালীপাৰাত ৰূপায়ন কৰে এই কাৰ্যসূচী ৷ গৰিয়া মৰিয়া দেশী সকলৰ বাবে সুকীয়া জৰীপৰ ব্যৱস্থা কৰা, উপগ্ৰহীয় স্বায়ত্ব পৰিষদ গঠন আদি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ দেওবাৰৰ এই কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় জনগোষ্ঠীয় সম্পাদক ৰবিউল হুছেইনকে ধৰি প্ৰায় দুই শতাধিক নেতা কৰ্মী ৷
লগতে পঢ়ক-প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ দেহাৱসান