ETV Bharat / state

বিলাসীপাৰাত বিদ্যুৎ যোগানৰ নামত মৰণ ফান্দ বিদুৎ বিভাগৰ

author img

By

Published : Jun 22, 2020, 10:25 AM IST

বহু ঠাইত এডাল বিদ্যুতৰ তাঁৰক কেইবাভাগ কৰি মাত্ৰ এডাল তাঁৰেৰে বিভাগটোৱে যোগান ধৰি আহিছে বিদ্যুৎ সংযোগ ৷

BILASIPARA BAMBOO ELECTRIC LINE
বিলাসীপাৰাত বিদ্যুৎ যোগানৰ নামত মৰণ ফান্দ বিদুৎ বিভাগৰ

বিলাসীপাৰা, 22 জুন : বিলাসীপাৰা বিদ্যুৎ উপসংমণ্ডলৰ অভিযন্তা,কৰ্মচাৰীয়ে ঘৰুৱা বিদ্যুৎ সংযোগৰ নামত মৰণ ফান্দ পতাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷ উপসংমণ্ডলটোৰ অধীনস্থ পাইকানডাৰা প্ৰথম খণ্ড ধুলাপাৰাত বিপদজনকভাবে বাঁহৰ খুটাৰে বিদ্যুৎ সৰবৰাহ কৰি অহা হৈছে ৷ তদুপৰি বহু ঠাইত এডাল বিদ্যুতৰ তাঁৰক কেইবাভাগ কৰি মাত্ৰ এডাল তাঁৰেৰে বিভাগটোৱে যোগান ধৰি আহিছে বিদ্যুৎ সংযোগ ৷ বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ এনে কৰ্ম কাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলজুৰি ৷

স্থানীয় লোকে লগতে অভিযোগ কৰা অনুসৰি অঞ্চলটোত প্ৰয়োজনতকৈ অতি সৰু ট্ৰেন্সফৰ্মাৰ লগোৱাত সন্ধিয়াৰ লগে লগে বিদ্যুতৰ লাইটৰ পোহৰ কেৰাচিন তেলৰ চাকিৰ দৰে হৈ পৰে ৷ আনহাতে সামান্য় বতাহ বৰষুণতে বিদ্যুতৰ বাঁহৰ খুটাবোৰ মাজে সময়ে উভালি পৰি বিভিন্ন বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে ৷ স্থানীয় লোকে বিভাগীয় বিষয়া কৰ্মচাৰীক বহু আবেদন জনোৱাৰ পাছতো বিভাগটোৱে বিহিত ব্য়ৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসীয়ে ৷

লগতে চাওকঃ শিৱসাগৰত দিখৌ নদীৰ বান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.