বিলাসীপাৰা, 31 জানুৱাৰীঃ বিলাসীপাৰাৰ নয়াহাটত অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিত পুৰুষৰ বেডমিন্টন প্ৰতিযোগিতা ৷ সচেতন যুৱ মঞ্চৰ উদ্যোগত আয়োজিত কৰা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অংশ গ্ৰহণ কৰে মুঠ 33 টা দলে ৷
বুধবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাৰ শুকুৰবাৰে পুৱা 4 বজাত চূড়ান্ত খেল অনুষ্ঠিত হয় ৷ গুৱাহাটী আৰু বঙাইগাঁৱৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত খেলখন ৷ খেলত বঙাইগাঁৱৰ অসীম ৰায়, বিজয় ব্ৰহ্মই চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে আনহাতে বিজিত হয় গুৱাহাটীৰ পংখৰাজ দেউৰী আৰু দ্বীপজ্যোতি দত্ত ৷ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ধেমাজিৰ দেৱ বৰদলৈ আৰু হীৰা ৰাভাই ৷
চূড়ান্ত বিজয়ী আৰু বিজিত দলক নগদ ধন সহ ট্ৰফী প্ৰদান কৰে অভয়াপুৰীৰ প্ৰাক্তন বেডমিন্টন খেলুৱৈ পিনাকী বায়ন, গোলাম ৰাব্বানী, মেহেবুব হাছান আৰু এইচ এম নুৰুজ্জামানে ৷ বিলাসীপাৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ ফুকনে উদ্বোধন কৰা প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ‘কা’ বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচ যুৱকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সচেতন যুৱ মঞ্চই ৷