বিলাসীপাৰা, ২৩ মাৰ্চঃ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত কাজাইকাটা গাঁৱত স্বাস্থ্য সেৱাৰ প্ৰকৃত স্বৰূপ | গাঁৱখনত আজিৰ দিনতো ঠেলা গাড়ীয়েই হৈছে এম্বুলেন্স সেৱা | শনিবাৰে এনে একঅনুৰূপদৃশ্য দেখা পোৱা গ'ল কাজাইকাটাত ।ঠেলাৰে চিকিৎসালয়লৈলৈ যোৱা হ'লএগৰাকীঅসুস্থ মহিলাক |
সাংসদ বদৰুদ্দিন আজমলৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰা পূৱ সমষ্টিত চিকিৎসা ব্যৱস্থাৰ এই পুতৌ লগা দৃশ্য | গাঁৱখনৰ ছায়েদ আলীৰ পত্নী জমেলা খাতুন ঠেলাত উঠাই লৈ অনা হয় চিকিৎসালয়লৈ । কিয়নো বাট-পথহীন গাঁৱখনলৈ নাযায় এম্বুলেন্স সেৱা |
বিগত দহটা বছৰে ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিলে সাংসদ বদৰুদ্দিন আজমলে | কিন্তু বিগত দহটা বছৰে কি উন্নয়ন সাধিছে এই গৰাকী সাংসদে তাৰে জলন্ত উদাহৰণ এয়া | সমষ্টিটোৰ বাট-পথউন্নয়ন আদিৰ জলন্ত সমস্যা সমূহ সমস্যা হৈয়ে ৰৈ গৈছে| যাৰ বাবে সমষ্টিটোৰ অধীনস্থ বিলাসীপাৰা মহকুমাৰ পথঘাট বিহীন একাংশ চৰাঞ্চলত আজিও সোমাব পৰা নাই ১০৮ ৰ এম্বুলেঞ্চসেৱা | যাৰ বাবে অঞ্চলবাসীয়ে অসুস্থ ৰোগীক সাঙী কৰি অথবা ঠেলাৰে বিলাসীপাৰাৰ চিকিৎসালয় লৈ নিব লগা হৈছে | এইবাৰ লোকসভা নিৰ্বাচনত সমষ্টিটোৰ ভোটাৰ ৰাইজে কিদৰে আকোৱালি ল'ব নেতা গৰাকীক সেয়া পৰৱৰ্তী সময়ত হে স্পষ্ট হ'ব |