ETV Bharat / state

বিলাসীপাৰাত পেট্ৰল পাম্পত ব্যাপক অনিয়মৰ অভিযোগ - PETROL_PUMP_SEAL

এজন গ্ৰাহকে ইণ্ডিয়ান অইলৰ পাম্পটোৰ পৰা ক্ৰয় কৰিবলৈ আহিছিল ৬০ লিটাৰ ডিজেল ৷ পাম্প কৰ্তৃপক্ষই ৬০ লিটাৰ ডিজেল দি ৬৩ লিটাৰ ডিজেলৰ মূল্য আদায় কৰি লোৱাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷

bilashipara-petrol-pump-seal
বিলাসীপাৰাত পেট্ৰল পাম্পত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ
author img

By

Published : Dec 17, 2020, 4:15 PM IST

পশ্চিম বিলাসীপাৰা,17 ডিচেম্বৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ শ্ৰীনিৱাস চাৰ্ভিছ ষ্টেচন পেট্ৰল পাম্পত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ গ্ৰাহকক জোখত কৈ তেল কম দিয়াৰ অভিযোগত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পেট্ৰল পাম্পটোত ৷

বিলাসীপাৰাত পেট্ৰল পাম্পত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

অভিযোগ অনুসৰি,এজন গ্ৰাহকে ইণ্ডিয়ান অইলৰ পাম্পটোৰ পৰা ক্ৰয় কৰিবলৈ আহিছিল ৬০ লিটাৰ ডিজেল ৷ পাম্প কৰ্তৃপক্ষই ৬০ লিটাৰ ডিজেল দি ৬৩ লিটাৰ ডিজেলৰ মূল্য আদায় কৰি লোৱাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত অভিযোগ লাভ কৰি বিলাসীপাৰা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক উপস্থিত হৈ ছীল কৰি দিয়ে পেট্ৰল পাম্পটো ৷
উল্লেখ্য যে,ইয়াৰ পূৰ্বেও পেট্ৰল পাম্পটোত গ্ৰাহকক তেল কম দিয়াৰ অভিযোগত ছীল কৰিছিলে যোগান বিভাগে ৷ কিন্তু ৰহস্যজনকভাৱে দুদিন পিছতে যোগান বিভাগে আকৌ পাম্পটো খুলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ বৰ্তমান এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে ৷

লগতে পঢ়ক: শাসকৰ শোষণ বঞ্চনাই বজাইছে সাধাৰণ লোকৰ মৃত্যুৰ ঘন্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.