ETV Bharat / state

বিলাসীপাৰাত পালন ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০

author img

By

Published : Sep 10, 2020, 2:23 PM IST

দিনজোৰা কাৰ্যসূচীৰে বিলাসীপাৰাৰ যমদুৱাৰত পালন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০ ৷ পুষ্টিহীনতাত ভুগি থকা প্ৰতিগৰাকী শিশুক চিনাক্তকৰণ কৰি প্ৰতিগৰাকী গঞা লোকক সজাগ কৰি তোলাৰ লক্ষ্যৰে আয়োজন কৰা হয় এই কাৰ্যসূচী ৷

bilashipara__POSHON_Month_
বিলাসীপাৰাত পালন ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০

বিলাসীপাৰা,10ছেপ্টেম্বৰ: বিলাসীপাৰাত আয়োজন ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী পুষ্টিহীনতা মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰি দিয়া ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০ বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে বিলাসীপাৰাৰ যমদুৱাৰতো পালন কৰা হয় ৷ অংগনবাড়ী কেন্দ্ৰসমূহৰ অন্তৰ্গত গাঁও সমূহত পুষ্টিহীনতাত ভুগি থকা প্ৰতিগৰাকী শিশুক চিনাক্তকৰণ কৰি স্বাস্থ্য অনুসৰণ কৰাই পোষন মাহৰ মূল লক্ষ্য ৷ লগতে প্ৰতিখন গাঁৱতে একোখন কৈ পোষণ বাগিচা তৈয়াৰ কৰি সতেজ শাক-পাচলি, ফল-মুল ৰোপনৰ ব্যৱস্থা গ্ৰহণ কৰাকে ধৰি ইয়াৰ প্ৰতিগৰাকী গঞা লোকক সজাগ কৰি তোলাৰ লক্ষ্যৰে আয়োজনৰ ব্যৱস্থা কৰা হৈছিল ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০ ৷

ইয়াৰ লগত সংগতি ৰাখি বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে বিলাসীপাৰাৰ যমদুৱাৰতো পালন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০ ৷ চাপৰ শালকোচা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ অঙ্গনাবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাৰ উদ্যোগত পালন কৰা হয় পোষণ মাহৰ এই কাৰ্যসূচী ৷ এনে কাৰ্যসূচীৰ জড়িয়তে গ্ৰাম্যাঞ্চলৰ শিশু সকলৰ মাজত সততে দেখা দিয়া পুষ্টিহীনতা দুৰীকৰণ হব বুলি ধাৰণা কৰা হৈছে ৷ এই কাৰ্যসূচীত বিভাগীয় বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মী উপস্থিত থাকে ৷

অন্য এক খবৰৰ বাবে:ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ'ল ৰাফেল যুদ্ধ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.