পশ্চিম বিলাসীপাৰা, ২৩ এপ্ৰিল: বৰ্তমান ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । সমান্তৰালকৈ চিকিৎসা লাভৰ ক্ষেত্ৰতো আহি পৰিছে ব্যপক জটিলতা । কিয়নো, মহামাৰীৰে যুঁজিবলৈ স্বাস্থ্য বিভাগ এতিয়াও সম্পূৰ্ণৰূপে সাজু নহয় । এনে পৰিস্থিতি মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সাৱধনতা অৱলম্বন কৰি বিহুৰ অনুষ্ঠান বাতিল কৰিছে বিহু সমিতিসমূহে ।
শুক্ৰবাৰে ঐতিহ্যমণ্ডিত বিলাসীপাৰা আঞ্চলিক ৰঙালী বিহুৰ কাৰ্যসূচীও বাতিল কৰা হয় । সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গৰিয়া মৰিয়া আৰু কৃষক মুক্তিৰ উদ্যোগত অহা ২৭ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'বলগীয়া আছিল বিহুৰ অনুষ্ঠান । তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া আছিল আঞ্চলিক বিহুৰ অনুষ্ঠান ।
কিন্তু মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আঞ্চলিক বিহু সমিতিয়ে অনুষ্ঠান বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে । শুক্ৰবাৰে বিলাসীপাৰা প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এই কথা জনায় আয়োজক সমিতিৰ বিষয়ববীয়াসকলে । জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসে ক'ভিড-১৯ ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱাৰ পিছতে বিহু সমিতিয়ে অনুষ্ঠান বাতিলৰ কথা প্ৰকাশ কৰে ।
লগতে পঢ়ক:মৰ্মন্তুদঃ কোকৰাঝাৰৰ খাগ্ৰাবাৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ