বিলাসীপাৰা, 3 জুনঃ আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লোৱা টে'ট শিক্ষয়িত্ৰী মমতা কুমাৰীক সোমবাৰে নিশা প্ৰায় 8 বজাত বিলাসীপাৰাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ বিলাসীপাৰা জিলা সমিতিয়ে মৃত শিক্ষয়িত্ৰী গৰাকীৰ আত্মাৰ সদগতিৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰে |
উল্লেখ্য যে যোৱা ৩০ মে'ৰ নিশা বিলাসীপাৰাৰ ভেৰভেৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মমতা কুমাৰীয়ে ভেৰভেৰীৰ ভাৰাঘৰতে চিপ লৈ আত্মহত্যা কৰিছিল | উক্ত নিশাই আৰক্ষীয়ে বাঙালীপাৰাৰ বিবাহিত পুৰুষ তথা অভিযুক্ত ছাহ আলম আহমেদক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে | বৰ্তমানেও এই ৰহস্যজনক আত্মহত্যাৰ ঘটনাক লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷