পশ্চিম বিলাসীপাৰা, 6 জুলাইঃ বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ গাফিলতিৰ বাবে প্ৰসূতিৰ মৃত্যু হোৱাৰ অভিযোগ ৷ ঘটনাৰ বিৱৰণী অনুসৰি বিলাসীপাৰা চহৰৰ ৬ নম্বৰ ৱাৰ্ড সাতবেৰৰ বাসিন্দা মন্নাফ আলীৰ গৰ্ভৱতী পত্নী নীলিমা বেগমক শুকুৰবাৰে নিশা দহ বজাত বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় | তাৰ পিছতে চিকিৎসকৰ প্ৰচেষ্টাত গৰ্ভৱতী মহিলা গৰাকীয়ে শুকুৰবাৰে নিশা প্ৰায় এক বজাত প্ৰসৱ কৰে এটা পুত্ৰ সন্তান | কিন্তু অভিভাৱকৰ অভিযোগ মহিলা গৰাকীৰ গৰ্ভত থকা আনটো সন্তান সম্পৰ্কে জ্ঞাত নাছিল কৰ্তব্যৰত চিকিৎসকগৰাকী ৷ পৰৱৰ্তী সময়ত মহিলা গৰাকীৰ অসুস্থতা দেখি চিকিৎসকে নিশা পুনৰ মহিলা গৰাকীৰ গৰ্ভৰ পৰা আন এটি কন্যা সন্তান প্ৰসৱ কৰায় | কিন্তু দ্বিতীয়টো সন্তান প্ৰসৱৰ পাচতেই অসুস্থ হৈ পৰে প্ৰসূতিগৰাকী আৰু অৱশেষত শনিবাৰে পুৱাই মৃত্যু হয় মহিলাগৰাকীৰ ৷
উল্লেখ্য যে, চিকিৎসকৰ গাফিলতিৰ বাবেই মহিলা গৰাকীৰ অকাল মৃত্যু হোৱাৰ অভিযোগ তুলি উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ |উত্তেজিত ৰাইজে চিকিৎসালয়খন ঘেৰাও কৰি বিভিন্ন শ্ল'গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ পিছত স্থানীয় আৰক্ষীৰ দল উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰে ৷ আনহাতে চিকিৎসকৰ গাফিলতিত প্ৰসূতি মহিলা গৰাকীৰ মৃত্যু হয় যদিও সুস্থ অৱস্থাত আছে মহিলা গৰাকীয়ে প্ৰসৱ কৰা দুটা সন্তান ৷
লগতে পঢ়কঃ মহামাৰী ৰূপত এনকেফেলাইটিচঃ ৰাজ্যজুৰি হাই এলাৰ্ট; তৎপৰ স্বাস্থ্য বিভাগ