ETV Bharat / state

বিলাসীপাৰাত বান সাহায্যৰ নামত মাৰপিট

author img

By

Published : Jul 21, 2019, 11:59 AM IST

Updated : Jul 21, 2019, 1:46 PM IST

বিলাসীপাৰাত বান সাহায্য কঢ়িয়াই নিয়া পঞ্চায়ত প্ৰতিনিধিক দলবদ্ধ প্ৰহাৰ গুণ্ডা বাহিনীৰ । ২৫ বস্তা চাউল, ৮ বস্তা দাইল, ৫ কাৰ্টন সৰিয়হৰ তেল আৰু ডেৰ বস্তা নিমখ স্থানীয় গাঁওলৈ নিয়া পঞ্চায়ত সদস্য মহিবুল হকক প্ৰহাৰ ছজনীয়া দুৰ্বৃত্তৰ দলৰ ।

বিলাসীপাৰাত বান সাহায্যৰ নামত মাৰপিট

পশ্চিম বিলাসীপাৰা, 21 জুলাইঃ বানে সৃষ্টি কৰা সংহাৰৰ মাজতে বিলাসীপাৰাত বান সাহায্যকলৈ সংঘটিত হ'ল অপ্ৰীতিকৰ ঘটনা ৷ বান সাহায্য কঢ়িয়াই নিয়া পঞ্চায়ত প্ৰতিনিধিক দলবদ্ধ প্ৰহাৰ গুণ্ডা বাহিনীৰ । ২৫ বস্তা চাউল, ৮ বস্তা দাইল, ৫ কাৰ্টন সৰিয়হৰ তেল আৰু ডেৰ বস্তা নিমখ স্থানীয় গাঁওলৈ নিয়া পঞ্চায়ত সদস্য মহিবুল হকক প্ৰহাৰ ছজনীয়া দুৰ্বৃত্তৰ দলৰ । সবিশেষ চাওক এই প্ৰতিবেদনত ৷

বিলাসীপাৰাৰ টিলাপাৰাত বান সাহায্য বিতৰণ কেন্দ্ৰ কৰি মাৰপিটৰ

পশ্চিম বিলাসীপাৰা, 21 জুলাইঃ বানে সৃষ্টি কৰা সংহাৰৰ মাজতে বিলাসীপাৰাত বান সাহায্যকলৈ সংঘটিত হ'ল অপ্ৰীতিকৰ ঘটনা ৷ বান সাহায্য কঢ়িয়াই নিয়া পঞ্চায়ত প্ৰতিনিধিক দলবদ্ধ প্ৰহাৰ গুণ্ডা বাহিনীৰ । ২৫ বস্তা চাউল, ৮ বস্তা দাইল, ৫ কাৰ্টন সৰিয়হৰ তেল আৰু ডেৰ বস্তা নিমখ স্থানীয় গাঁওলৈ নিয়া পঞ্চায়ত সদস্য মহিবুল হকক প্ৰহাৰ ছজনীয়া দুৰ্বৃত্তৰ দলৰ । সবিশেষ চাওক এই প্ৰতিবেদনত ৷

বিলাসীপাৰাৰ টিলাপাৰাত বান সাহায্য বিতৰণ কেন্দ্ৰ কৰি মাৰপিটৰ
Intro:Anchor - বিলাসীপাৰাৰ টিলাপাৰা কামাৰডিহি গাঁৱত বান সাহাৰ্য্যক কেন্দ্ৰ কৰি শনিবাৰে বিয়লি উত্তপ্ত পৰিস্থিতি | বান সাহাৰ্য্যৰ নামত চৰকাৰী ভাবে প্ৰদান কৰা চাউল দাইল বিতৰনৰ স্থান বাচনিক লৈ দুবৃত্তৰ দলৰ আক্ৰমণ | বান সাহাৰ্য্য কঢ়িয়াই নিয়া ট্ৰেক্টৰক আগুচি ধৰি পঞ্চায়তৰ নিৰ্বাচিত সদস্য এজনক দুষ্কৃতিকাৰী দলৰ আক্ৰমণ | ঘটনাত পঞ্চায়ত সদস্য মহিবুল হকৰ লগতে এগৰাকী স্থানীয় মহিলাও আহত হয় | Body:V. O - বিলাসীপাৰাত এতিয়া পানী শুকুৱাবলৈ লৈছে | কিন্তু একাংশ ঠাইত এতিয়াও বহু লোকৰ ঘৰ বানৰ পানীত বুৰি আছে | মুঠতে বানে ধোৱা বিলাসীপাৰা মহকুমাৰ বিভিন্ন বান পীড়িত অঞ্চলৰ লোকৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে | বান বিধ্বস্ত লোক সকলক মহকুমা প্ৰশাসনে এতিয়াও প্ৰদান কৰি আহিছে বান সাহাৰ্য্যৰ নামত চাউল দাইল | এনে বান সাহাৰ্য্যক লৈ বিলাসীপাৰাৰ একাংশ ঠাইত সৃষ্টি হৈছে তুমুল সংঘৰ্ষৰ | তেনে এক ঘটনা সংঘটিত হয় শনিবাৰে বিয়লি টিলাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কামাৰ ডিহি গাঁৱত | বান সাহাৰ্য্যৰ ২৫ বস্তা চাউল, ৮ বস্তা মুচুৰ দাইল, ৫ কাৰ্টুন সৰিয়হৰ তেল আৰু ডেৰ বস্তা নিমখ স্থানীয় শিক্ষক অাবু বক্কৰ আৰু পঞ্চায়ত খনৰ সদস্য মহিবুল হকে গাঁও খনলৈ লৈ গৈ আছিল | আধ বাটত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে বান সাহাৰ্য্য খিনি তেওঁ লোকৰ ঘৰৰ ওচৰতে বিতৰন কৰিব লাগে বুলি শিক্ষক আৰু সদস্য জনক হেচা প্ৰয়োগ কৰে | সদস্য জনৰ মতে গাঁৱৰ মধ্য স্থানত বিতৰণ কৰিব | ইয়াকে লৈ দুবৃত্তৰ দলে লাঠি আদিৰে প্ৰচণ্ড মাৰপিট কৰে সদস্য জনক | এই ঘটনাত স্থানীয় মহিলা এগৰাকীও আহত হয় | মাৰ পিটৰ পিছতে বান সাহাৰ্য্য খিনি দুবৃত্তৰ দলটিয়ে লুটপাট কৰিবলৈও চেষ্টা কৰে বুলি শিক্ষক জনে প্ৰকাশ কৰে | পিছত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা চক্ৰ আৰক্ষী বিষয়াৰ লগতে শালকোচা আৰক্ষীৰ দল | আৰক্ষীৰ দলটো উপস্থিত হৈ বান সাহাৰ্য্য সমূহ উদ্ধাৰ কৰি টিলাপাৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ নিয়ে আৰু পঞ্চায়তৰ সচিবৰ জিম্মাত দিয়ে |Conclusion:এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে | ইফালে ঘটনা সন্দৰ্ভত শালকোচা আৰক্ষী চকীত শিক্ষক আবু বক্কৰে কামাৰডিহি গাঁৱৰ ছলেমান সেখ, জাহাঙ্গীৰ সেখ , মৃণাল হুছেইন, আন্তাব আলী সেখ আৰু ৰছিদুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে | শালকোচা আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অাৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে |
Bite মহিবুল হক, পঞ্চায়ত সদস্য
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম
Last Updated : Jul 21, 2019, 1:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.