পশ্চিম বিলাসীপাৰা, 24 জুনঃ দেওবাৰে সন্ধিয়া ধুবুৰী জিলাৰ হাতীপোতাৰ পৰা সংবিধান যাত্ৰা শীৰ্ষক এক চাইকেল ৰেলীৰ শুভাৰম্ভ কৰা হয় ৷ সংবিধান যাত্ৰাৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ মনিৰুল হুছেইনে। দেশৰ সংবিধানে নাগৰিকক অৰ্পণ কৰা বিভিন্ন অধিকাৰ,দায়িত্ব আৰু অসমত চৰকাৰে অসংখ্য নাগৰিকৰ অধিকাৰৰ নামত বিভিন্ন ধৰণে কৰা হাৰাশাস্তিক লৈ জনগণক সজাগ কৰাৰ বাবে বাহিৰ কৰা হৈছে এই চাইকেল যাত্ৰা।
এই যাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ সচেতন যুৱক-যুৱতীৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,আমছুকে ধৰি কেইবাটাও দল সংগঠনৰ সদস্যই সহায়-সহযোগ আগবঢ়ায়। উল্লেখ্য যে,প্ৰায় ১০ দিনীয়া এই যাত্ৰাৰ অহা ৩ জুলাইত বাক্সা জিলাত সামৰণি পৰিব ।
লগতে পঢ়কঃ জনস্বাস্থ্য কাৰিকৰী বিভাগত দুৰ্নীতি