ধুবুৰী,১০ ফ্ৰেব্ৰুৱাৰী: ড্ৰাগছ গাঞ্জাৰ দৰে বৰ্তমানেও ৰাজ্যত অব্যাহত আছে ধঁপাতৰ এক বৃহৎ ছিণ্ডিকেট(Tobacco Syndicate in Assam) । চৰকাৰে ৰাজ্যত পূৰ্বৰে পৰা চলি থকা ছিণ্ডিকেট সমূহ উৎখাত কৰি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ লগতে ব্যৱসায় নিয়ন্ত্ৰণৰ বাবে অভিযান অৱ্যাহত ৰাখিছে যদিও বৰ্তমানেও চলি আছে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ লগতে ধঁপাতৰ ছিণ্ডিকেট । শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি পশ্চিম বংগৰ পৰা অসমলৈ গোপনে সৰবৰাহ হৈ আহিছে নিষিদ্ধ ধঁপাত । বিভিন্ন সূত্ৰৰ পৰা পোৱা এই তথ্যৰ ওপৰত ভিত্তি কৰি ধঁপাতৰ এই ছিণ্ডিকেট নিয়ন্ত্ৰণ কৰিবলৈ সষ্টম হৈছে আৰক্ষী । অৱশ্যে বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই জব্দও কৰিছে নিষিদ্ধ ধঁপাত ।
শুকুৰবাৰেও এক গোপন সুত্ৰ পম খেদি আগমনি আৰক্ষীয়ে চলাইছিল এক অভিযান । আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ধঁপাত । কৰ ফাঁকিৰে এখন ট্ৰাকেৰে সৰবৰাহ কৰাৰ সময়ত বৃহৎ পৰিমানৰ ধঁপাতখিনি জব্দ কৰে আগমনি আৰক্ষীয়ে(Banned tobacco products seized in Dhubri) । জব্দ কৰা ট্ৰাকখনৰ নম্বৰ এ এছ- ১৭ চি / ২০২৪ । পিছে আগমনিত জব্দ কৰা কৰা ট্ৰাকখন নিয়ম অনুসৰি আৰক্ষীয়ে আগমনি থানাত ৰখাৰ পৰিৱৰ্তে থানাৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ বেলগুৰি পেট্ৰল পাম্পত অতি গোপনে ৰখাৰ ব্যৱস্থা কৰে(Truck loaded with banned tobacco seized) । আগমনি আৰক্ষীৰ এনে ভূমিকাক লৈও বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত ।
আনহাতে ধঁপাতভৰ্তি ট্ৰাকখনত পশ্চিম বংগৰ পৰা অহা বুলি আৰক্ষী নিশ্চিত হৈছে যদিও কাৰ নেতৃত্বত ধঁপাতখিনি সৰবৰাহ কৰা হৈছে সেই কথাক লৈ এতিয়াও মুখ খোলা নাই ট্ৰাকখনৰ চালকে । ধৃত চালকজনৰ ঘৰ ধুবুৰীৰ বগৰিবাৰী অঞ্চলত বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ৰাজ্যত দীৰ্ঘদিন ধৰি অব্যাহত আছে নিষিদ্ধ ধঁপাতৰ এটা বৃহৎ ছিণ্ডিকেট । দিনে নিশাই প্ৰতিদিনে ধপাতৰ ছিণ্ডিকেট চক্ৰই চুবুৰীয়া ৰাজ্যৰ পশ্চিমবংগৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ সৰু বৰ বিভিন্ন গাড়ীৰে ধঁপাত সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । লক্ষণীয়ভাৱে অসমত ধঁপাত নিষিদ্ধ হৈ থকাৰ পাছতো কেনেকৈ, কাৰ ছত্ৰচায়াত নিতৌ এনেদৰে ধঁপাত সৰবৰাহ হৈ আহিছে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত ।
মন কৰিবলগীয়া যে, নাগালেণ্ড বা অৰুণাচলত এই ধঁপাত নিষিদ্ধ নহয় । সেইবাবে পশ্চিমবংগৰ পৰা এই দুখন ৰাজ্যৰ নামত চালান কাটি ধঁপাতৰ গাড়ীসমূহ অসমত প্ৰৱেশ কৰে । অসমৰ মাজেৰে ৰাজ্য দুখনলৈ সৰবৰাহৰ অজুহাত দেখুৱাই অসমতে ব্যৱসায় চলাই অসাধু চক্ৰটোৱে ৷ এই গাড়ীসমূহ নাগালেণ্ড বা অৰুণাচল গৈয়েই নাপায় বুলিও বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে । অৱশ্যে এই বিষয়ত আৰক্ষীৰ উচিত তদন্ততৰ পিচতহে অধিক তথ্য পোহৰলৈ আহিব ৷
লগতে পঢ়ক: Child marriage in Assam: বাল্য বিবাহৰ স্বীকাৰ হোৱা বালিকাক পুনৰ সংস্থাপন দিব চৰকাৰে