ETV Bharat / state

বিলাসীপাৰা নয়াহাট আৰক্ষীৰ জালত ATM চোৰ - SBI গ্ৰাহক সেৱা কেন্দ্ৰ

শুকুৰবাৰে বিলাসীপাৰ মহকুমা অন্তগৰ্ত নয়াহাট উপ-আৰক্ষী চকীৰ এলেকানাধীন নয়াহাট বজাৰত থকা SBI গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা টকা উলিয়াবলৈ গৈ বিপদত পৰিল এটা ATM চোৰ ৷

atm-thief-arrest-at-bilashipara-police
বিলাসীপাৰা নয়াহাট আৰক্ষীৰ জালত ATM চোৰ
author img

By

Published : Jun 18, 2021, 9:52 PM IST

Updated : Jun 20, 2021, 7:23 PM IST

বিলাসীপাৰা,18 জুন : ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা ৷ তাৰমাজতে শুকুৰবাৰে বিলাসীপাৰ মহকুমা অন্তগৰ্ত নয়াহাট উপ-আৰক্ষী চকীৰ অন্তৰ্গত নয়াহাট বজাৰত থকা SBI গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা টকা উলিয়াবলৈ গৈ বিপদত পৰিল এটা ATM চোৰ ৷ জানিবপৰা মতে, ফকিৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত শিৱেৰআলগা গাঁৱৰ জয়নাল আবেদীনে দীৰ্ঘ দিন ধৰি অসাধু উপায় অৱলম্বন কৰি ATMৰ জৰিয়তে টকা চুৰি কাৰ্য সংঘটিত কৰি আহিছিল ৷

ইপিনে শুকুৰবাৰে নয়াহাট বজাৰস্থীত SBI গ্ৰাহক সেৱা কেন্দ্ৰলৈ জয়নাল আবেদীনে অনিতা বৰ্মণ নামৰ এগৰাকী মহিলাৰ ATM কাৰ্ড এখন লগত লৈ দহ হাজাৰ টকা উলিয়াবলৈ বিচাৰে ৷ তেনেতে গ্ৰাহক সেৱা কেন্দ্ৰৰ মেনেজাৰজনৰ সন্দেহ ওপজাত পৰিচয় প্ৰত্ৰ বিছৰাত জয়নাল আবেদীন গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰা পলাবলৈ চেষ্টা কৰে ৷

atm-thief-arrest-at-bilashipara-police
বিলাসীপাৰা নয়াহাট আৰক্ষীৰ জালত ATM চোৰ

তাৰপাচতে স্থানীয় ৰাইজে চোৰটোক খেদি খেদি আটক কৰি নয়াহাট আৰক্ষী চকীক চমজাই দিয়ে । আৰক্ষীয়ে আটক কৰিয়েই জয়নাল আবেদীনক জেৰা অব্যাহত ৰাখিছে ৷ সম্প্ৰতি আৰক্ষীয়ে গভাইত চোৰটোৰ পৰা 13 খনকৈ বিভিন্ন মানুহৰ ATM কাৰ্ড উদ্ধাৰ কৰাৰ লগতে এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয় ৷

সম্প্ৰতি এই ঘটনাৰ পাচতে সমগ্ৰ অঞ্চলজুৰি সৰ্বসাধাৰণ লোক সকল চিন্তিত হৈ পৰিছে ৷ এনেধৰণৰ দুষ্ট প্ৰকৃতিৰ লোকে একাংশ সাধাৰণ জনসাধাৰণক যি সকলে ATMৰ পৰা টকা উলিয়াব নাযানে তেওঁলোকৰ অজ্ঞতাৰ সুযোগ লৈ এনে ধৰণৰ কাৰ্য সংঘটিত কৰি আহিছে ৷ কেৱল বিলাসীপাৰাতে এনে ঘটনা সংঘটিত হৈছে তেনে নহয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও এনেধৰণে গাঁৱৰ সহজ-সৰল মানুহক একাংশ দুষ্ট প্ৰকৃতিৰ লোকে ঠগ প্ৰৱঞ্চনা আৰু জালিয়াতিৰে টকা উলিয়াই সৰ্বস্বান্ত কৰা ঘটনা বিভিন্ন সময়ত পোহৰলৈ আহিছে ৷ যাতে এনেধৰণৰ ঘটনা আৰু সংঘটিত নহয় তাৰ ওপৰত নজৰ দিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে সাধাৰণ জনতাই ৷

লগতে পঢ়কঃ দলত থাকিলে দলৰ স্বাৰ্থক হে আগস্থান দিয়া উচিত : গৌৰৱ গগৈ

Last Updated : Jun 20, 2021, 7:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.