ETV Bharat / state

President's colour award to Assam police: ধুবুৰীৰ পৰা শদিয়ালৈ অসম আৰক্ষীৰ বাইক ৰেলী

author img

By

Published : May 1, 2022, 10:30 AM IST

ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি ৰাখি দেওবাৰে অসম আৰক্ষীয়ে ধুবুৰীৰ পৰা শদিয়ালৈ উলিয়াব এই বাইক ৰেলী(Assam police bike rally on first may) ৷ ধুবুৰীৰ ভাৰত বাংলা সীমান্ত অঞ্চল পৰিদর্শন কৰি এই কথা সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই (DGP Bhaskar jyoti Mahanta at Dhubri) । ধুবুৰী আৰক্ষী চাউনিত আৰক্ষী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷

President Colors Award honoured to Assam Police
অসম আৰক্ষীলৈ প্ৰেচিডেন্ট কালাৰ্চ এৱাৰ্ডৰ সন্মান

ধুবুৰী, 1 মে : ধুবুৰীৰ ভাৰত বাংলা সীমান্তৱৰ্তী গোলকগঞ্জৰ পৰা অসম আৰক্ষীয়ে 1 মে' অৰ্থাৎ দেওবাৰে উলিয়াব এক গৌৰৱময় বাইক ৰেলী(Assam police bike rally on first may) । ধুবুৰীৰ পৰা শদিয়ালৈ প্ৰতিখন জিলা পৰিভ্ৰমণ কৰিব এই বাইক ৰেলীয়ে । অসম আৰক্ষীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি ৰাখি উলিওৱা হ’ব এই বাইক ৰেলী (President's Colors Award honoured to Assam Police) ৷

অসম আৰক্ষী হৈছে এই স্বীকৃতি লাভ কৰা দশম ৰাজ্যিক আৰক্ষী বাহিনী (President's Colour Award to Assam Police) । এয়া অসমৰ বাবে এক গৌৰৱময় অধ্যায় । ইয়াৰ প্ৰতি লক্ষ্য কৰি অসম আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্ত এলেকাৰ লগতে ৰাজ্যৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ।

এই সন্মান লাভ কৰাৰ পাছতেই শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰ সৈতে ধুবুৰীত উপস্থিত হয় অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত (DGP Bhaskar jyoti Mahanta at Dhubri) ৷ ধুবুৰীত উপস্থিত হৈ তেওঁ ধুবুৰী জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ধুবুৰীৰ ভাৰত বাংলা সীমান্ত অঞ্চলত পৰিদৰ্শন কৰে ৷ লগতে ধুবুৰী আৰক্ষী চাউনিত আৰক্ষী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ।

বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, "অসম আৰক্ষী ৰাষ্ট্ৰপতিৰ প্ৰেচিডেন্ট কালাৰ্চ এৱাৰ্ডৰ বাবে নিৰ্বাচিত হোৱাটো অসমৰ বাবে এক গৌৰৱৰ বিষয় । ইয়াৰ প্ৰতি লক্ষ্য কৰি ধুবুৰীৰ পৰা শদিয়ালৈ অসম আৰক্ষীৰ বাইক ৰেলী ।"

ইপিনে, ভাৰত-বাংলা সীমান্তত অৱস্থিত আৰক্ষীৰ চেকেণ্ড লাইন ডিফেন্সৰ ৱাছ পোষ্টৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, "আমি সেই আগৰ দৰে হৈ থকা নাই । আমি চেকেণ্ড লাইণ্ড ডিফেন্সত কৈ বহুখিনি আগুৱাই গ'লো । চিআইবিএমএছ পদ্ধতিৰে চীল হৈছে সীমান্ত ।" লগতে কেএলঅ‘ৰ তিনি সদস্যক ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ধুবুৰী আৰক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰে ।

আনহাতে, অসম আৰক্ষীৰ এনকাউণ্টাৰ আৰু গুজৰাটৰ বিধায়কৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰা গোচৰ প্ৰসংগত আদালতে প্ৰশ্ন উত্থাপন কৰাৰ সময়তে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ প্ৰতিক্ৰিয়া বিচৰাত আদালতৰ ৰায়ৰ ওপৰত কোনো মন্তব্য নকৰে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : আক্ৰোশী নেকি অসম আৰক্ষী, দায়বদ্ধতা আয়োগ নিস্ক্ৰিয় কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.