ধুবুৰী,17 মাৰ্চ: আগন্তুক বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী। নিৰ্বাচনৰ প্ৰাকক্ষণত মঙলবাৰে ধুবুৰীত উপস্থিত হয় অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণু । জিলাখনত সুকলমে নিৰ্বাচন সম্পন্ন কৰাৰ লগতে নিৰাপত্তাৰ প্ৰতি লক্ষ্য কৰি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে । বৈঠকখনত জিলা আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতে সীমান্ত সুৰক্ষা বাহিনী, চি আৰ পি এফৰ উচ্চ পৰ্যায়ৰ বিষয়া সকল উপস্থিত থাকে ।
ইপিনে, বৈঠকৰ পাচত সাংবাদিকৰ প্ৰশ্নোত্তৰত বিটিএডিৰ আত্মসমৰ্পণ কৰা এন ডি এফ বিৰ প্ৰসংগত সঞ্চালক প্ৰধান গৰাকীয়ে কয়, সদস্য সকলৰ হাতত অত্যাধুনিক মাৰণাস্ত্ৰ আছে । অৱশ্যে জংঘল লৈ যোৱা সংগঠনটোৰ মুৰব্বী কোন সেই তথ্য আৰক্ষীয়ে লাভ কৰা নাই যদিওঁ তেওঁলোকৰ লগত ত্ৰিশ-পয়ত্ৰিশ জন মান লোক আছে বুলি উল্লেখ কৰি উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে অভিযান চলোৱা হ'ব বুলি সদৰী কৰে ৷
লগতে, এইবেলি কোনো এটা ইছলামিক সংগঠনে নিৰ্বাচনত কূটাঘাত চলাব পাৰে নেকি বুলি সোধা প্ৰশ্নোত্তৰত কয়, তেনে ধৰণৰ নিৰ্দিষ্ট কোনো ভাবুকি নাই যদিও নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব ৷ নিৰ্বাচন সুচাৰুৰূপে পাৰ কৰাৰ বাবে একপ্ৰকাৰ ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰৰ জৰিয়তে নিৰাপত্তা সুনিশ্চিত কৰা হ'ব বুলিও মন্তব্য কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ।
লগতে পঢ়ক: কা বিৰোধিতা কৰা আঞ্চলিক দলক সমৰ্থন কৰিব আছুৱে: দীপাংক কুমাৰ নাথ