বিলাসীপাৰা, ১৬ ডিচেম্বৰ : অহা 27 ডিচেম্বৰত চাপৰত অনুষ্ঠিত হ’ব বিৰোধী ঐক্যমঞ্চৰ জনসভা ৷ শনিবাৰে বিলাসীপাৰাত বিৰোধী ঐক্যমঞ্চ, অসমৰ হ'বলগীয়া জনসভাখনৰ প্ৰস্তুতি সভা অনুষ্ঠিত হয় । ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানৰ সভাপতিত্বত বিলাসীপাৰা চহৰৰ কলিতা ভৱনত অনুষ্ঠিত হয় উক্ত প্ৰস্তুতি সভাখন ।
আগন্তুক লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক উৎখাট কৰিবলৈ বিৰোধী ঐক্যমঞ্চই অহা ২৭ ডিচেম্বৰত চাপৰত জনসভাখন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছে । আজিৰ প্ৰস্তুতি সভাখনত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক আৰু বিজেপিক তীব্ৰ সমালোচনা কৰে ।
কংগ্ৰেছৰ লগত এ আই ইউ ডি এফৰ মিত্ৰতা প্ৰসংগত বিৰোধী দলৰ উপ-দলপতি তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে মন্তব্য কৰে যে এ আই ইউ ডি এফ দল বিজেপিৰ লগত থকাৰ কাৰণে অসমৰ ঐক্যমঞ্চত চামিল কৰা নাই ।
আনহাতে এ আই ইউ ডি এফক হাতীৰ দাঁতৰ লগত তুলনা কৰে ৰকিবুল হুছেইনে । তেওঁ কয় যে হাতীৰ দেখুওৱা দাঁত নেদেখুওৱা দাঁত থাকে । গতিকে বিজেপিৰ দেখা দাঁত দুটা হ'ল ইউ পি পি এল আৰু অগপ ৷ আনহাতে নেদেখুওৱা দাঁত হ'ল এ আই ইউ ডি এফ ।
ইয়াৰোপৰি বিধায়ক ৰকিবুল হুছেইনে কয় যে বদৰুদ্দিন আজমল হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু, মানে বুকুৰ আপোন ৷ সেয়েহে হিমন্ত বিশ্ব শৰ্মাই আজমলক বদুভাই বুলি উপনামেৰে মাতে ৷ সমাগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত কয় যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লোকসভা সমষ্টিৰ আসনৰ হিচাপত অসমৰ ভিতৰত এক নম্বৰ জ্যেতিষী ৷
অহা ২৭ ডিচেম্বৰত ধুবুৰী জিলাৰ চাপৰত অনুষ্ঠিত হ’বলগীয়া বিৰোধী ঐক্যমঞ্চৰ ৰাজহুৱা সভাৰ প্ৰস্তুতি সভাখনত বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক আফতাব উদ্দিন মোল্লা, ধুবুৰী জিলাৰ কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশাৰ লগতে জিলা, ব্লক পৰ্যায়ৰ কেবাশতাধিক দলীয় কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : পূৰ্বৰ কংগ্ৰেছ চৰকাৰে উন্নয়নত গুৰুত্ব নিদিয়া বাবেই লোৱা হৈছে ঋণ: পীয়ুষ হাজৰীকা