ধুবুৰী, 19 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বুধবাৰে ধুবুৰী জিলাৰ কেইবাটাও স্থানত তীৰ আৰু অবৈধ জুৱাৰ বিৰুদ্ধে অভিযান চলাই ধুবুৰী আৰক্ষীয়ে 13 গৰাকীকৈ লোকক কৰায়ত্ব কৰাৰ উপৰিও নগদ ধনকে ধৰি তীৰৰ বহী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
তথ্য অনুসৰি, আৰক্ষীয়ে 5 টাকৈ তীৰ বিৰোধী অভিযানৰ প্ৰথমটো অভিযানত ধুবুৰী থানাৰ অন্তৰ্গত কুমাৰগতি গাঁৱৰ আব্দুছ চবুৰ, জেলাল উদ্দিন, গাছপাৰাৰ কচু শেখ, চহিদুৰ আলম, মহিবূল হ'ক, ছপিয়াল হ'ক আৰু কচুৱাৰ খাসৰ আব্দুৰ ৰসিদ নামৰ 7 গৰাকীকৈ তীৰৰ সৈতে জড়িত লোকক কৰায়ত্ব কৰাৰ সমান্তৰালকৈ নগদ 3,900 টকা আৰু 84 টা তীৰৰ বহীকে ধৰি 6 টাকৈ ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে ৷
![Assam: Gamblers den busted in Dhubri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8483272_tttt.jpg)
আনহাতে, ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ ডুমুৰদহ অঞ্চলত চলা আৰক্ষীৰ অভিযানত 3 খন তীৰৰ বহী আৰু নগদ 900 টকা সহ অঞ্চলটোৰ ডুমুৰদহ চতুৰ্থ খণ্ড গাঁৱৰ জনৈক জাকিৰ হুছেইন নামৰ এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে তেওঁলোকৰ পৰা অসম-মেঘালয়ৰ তীৰৰ চাৰ্ট বোৰ্ড, 49 টা তীৰৰ বহীকে ধৰি নগদ 9,230 টকা উদ্ধাৰ হোৱা বুলি প্ৰকাশ কৰিছে ৷
![Assam: Gamblers den busted in Dhubri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8483272_ttttjj.jpg)
ইফালে, গৌৰীপুৰ চহৰত চলা তীৰ বিৰোধী অভিযানত চহৰখনৰ 2 নং ৱাৰ্ডৰ জনৈক ৰাকেশ দত্ত আৰু সঞ্জিত নমসূত্ৰ নামৰ দুজন যুৱক আৰক্ষীৰ জালত পৰাৰ সমান্তৰালকৈ দুয়োৰে পৰা মুঠ 12 খন তীৰৰ বহী আৰু নগদ 534 টকা উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে, ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত গৈ-বাজাৰত আৰক্ষীয়ে চলোৱা তীৰ বিৰোধী অভিযানত গৌৰীপুৰৰ মধুশোলমাৰী প্ৰথম খণ্ডৰ বাসিন্দা জনৈক ফজলুৰ ৰহমানক তীৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ বাবে কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে ৷ ধৃত ব্যক্তিজনৰ 14 টা তীৰৰ বহীসহ আৰক্ষীয়ে নগদ 5.470 টকা উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, সংশ্লিষ্ট থানাত জুৱা বিৰোধী পৃথকে পৃথকে 5 টাকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হোৱা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷
লগতে পঢ়ক : যুৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়ন কৰাৰ আহ্বান সাহিত্যিক ভূধৰ বৰাৰ