ধুবুৰী, 10 এপ্ৰিলঃ আগন্তুক লোকসভা নিৰ্বাচনৰ আগে আগে ধুবুৰী জিলাত উদ্ধাৰ 4 লাখৰো অধিক টকা ৷ বুধবাৰে বিয়লি জিলাখনৰ গৌৰীপূৰৰ 1 নং ওৱাৰ্ডত "ষ্টেটিক চাৰ্ভিলেঞ্চ টিম"ৰ এটা দলে এখন অ'ল্ট কে টেন গাড়ী পৰা উদ্ধাৰ কৰে ৪ লাখ ৩২ হেজাৰ টকা ৷ সহকাৰী লেখা পৰীক্ষা বিষয়া ( এছিষ্টেন্ট অ'ডিট অফিচাৰ) ছাৰিকূল আলমৰ নেতৃত্বত গৌৰীপূৰৰ পৰা ৰূপচীৰ অভিমুখী AS 17F 8830 নম্বৰৰ গাড়ীখনৰ পৰা দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ধনখিনি৷
বৰ্তমানে সমুদায় ধন গৌৰীপূৰ থানাৰ জিম্মাত ৰখা হোৱা বুলি জানিবলৈ পোৱা গৈছে ৷ আনহাতে ধনখিনী নিজৰ পঞ্জীয়নকৃত বেংক গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে গ্ৰাহকক দিবলৈ গৌৰীপুৰস্থ ষ্টেট বেংকৰ পৰা বেংক কৰ্তৃপক্ষৰ অনুমতি ক্ৰমে নি থকা বুলি দাবী কৰিছে ধনৰগৰাকীয়ে৷