পশ্চিম বিলাসীপাৰা,3 মাৰ্চ: অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাহনত আক্ৰমণ কৰাৰ প্ৰতিবাদত মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় ৷ বিলাসীপাৰা পূৱ সমষ্টি জাতীয় যুৱ শক্তিয়ে বিলাসীপাৰাৰ অসম জাতীয় পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷
দুদিন পূৰ্বে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীৰ বাহনত বৰভাগত একাংশ সন্দেহজনক বিজেপি কৰ্মীয়ে আক্ৰমণ চলোৱাৰ ঘটনা পোহৰলৈ আহিছিল ৷ প্ৰতিবাদকাৰীসকলে 'বিজেপি গ' বেক', 'জাহাজ চলিছে পদুম মৰিছে' আদি শ্ল'গানেৰে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে ৷
লগতে পঢ়ক: বিপিএফৰ ১২ খন আসনে সাহস দিব মহাজোঁটক !