ETV Bharat / state

অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে ধুবুৰীত সাংবাদিকৰ প্ৰতিবাদ

author img

By

Published : Nov 5, 2020, 7:31 PM IST

ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী 'ৰিপাব্লিক টিভি'ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত ধুবুৰীত সাংবাদিকৰ প্ৰতিবাদ। মুম্বাই আৰক্ষীয়ে বিশিষ্ট সাংবাদিকগৰাকীৰ সৈতে অমানৱীয় আচৰণ কৰাৰ অভিযোগ। ক'লা বেজ পৰিধান কৰি সমগ্ৰ ঘটনাক গৰিহণা দিয়ে ধুবুৰী জাৰ্ণেলিষ্ট এছ'চিয়েচন আৰু ধুবুৰী প্ৰেছ ক্লাৱৰ সকলো সাংবাদিকে।

অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে ধুবুৰীত সাংবাদিকৰ প্ৰতিবাদ
অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে ধুবুৰীত সাংবাদিকৰ প্ৰতিবাদ

ধুবুৰী, ৫ নৱেম্বৰ: বিশিষ্ট সাংবাদিক তথা 'ৰিপাব্লিক টিভি'ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক বুধবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছে। অসমতো অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনৰ লগতে সাংবাদিক সকলে। ধুবুৰীত অৰ্ণৱ গোস্বামীৰ সপক্ষে থিয় দি প্ৰতিবাদত নামিল সাংবাদিকসকল। ক'লা বেজ পৰিধান কৰি বিশিষ্ট সাংবাদিক গৰাকীৰ গ্ৰেপ্তাৰৰ ঘটনাক ধিক্কাৰ দিয়ে ধুবুৰী জাৰ্ণেলিষ্ট এছ'চিয়েচন আৰু ধুবুৰী প্ৰেছ ক্লাৱৰ সকলো সাংবাদিকে।

মুম্বাই আৰক্ষীয়ে সাংবাদিকগৰাকীৰ সৈতে অমানৱীয় আচৰণ কৰাৰ অভিযোগ তোলে। শীঘ্ৰে অৰ্ণৱ গোস্বামীক বিনা চৰ্তে মুক্তি নিদিলে আন্দোলন তীব্ৰতৰ কৰাৰো হংকাৰ দিয়ে সাংবাদিক সকলে। উল্লেখ্য যে, ২০১৮ চনৰ আত্মহত্যাৰ গোচৰৰ অভিযোগত বুধবাৰে মুম্বাই আৰক্ষীয়ে সাংবাদিকগৰাকী তেওঁ নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক:শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.