ETV Bharat / state

নিপুন হাতেৰে বাঁহ-কাঠক ন-ৰূপ দিছে ফনীন্দ্ৰ ৰায়ে - মানুহৰ এটা সৃষ্টিশীল মন থাকে

পূৱ বিলাসীপাৰাৰ চাপৰৰ কাজিপাৰাৰ ফনীন্দ্ৰ ৰায়ৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ আৰু কাঠ ৷ যান্ত্ৰিক সামগ্ৰী ব্যৱহাৰ নকৰি কেৱল দা আৰু কটাৰীৰে সজাই তুলিছে এই সামগ্ৰী সমূহ ৷ কিন্তু লক ডাউনে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে এই শিল্পীজনৰ জীৱনলৈ ৷

হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ আৰু কাঠ
হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ আৰু কাঠ
author img

By

Published : Jun 16, 2021, 11:06 PM IST

বিলাসীপাৰা, 16 জুন : পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ এটা সৃষ্টিশীল মন থাকে ৷ সেই মনটোৱে যিকোনো কাম কৰাত মানুহক আগ্ৰহী কৰি তোলে ৷ কোনোৱে যদি গছৰ পাতত শিল্পীৰ ছবি খোদিত কৰিছে কোনোৱে আকৌ এটা ক্ষুদ্ৰ চাউলত অংকিত কৰিছে এখনৰ পিছত আনখন ছবি ৷ তেনে এক প্ৰতিভাৰে অধিকাৰী বিলাসীপাৰাৰ ফনীন্দ্ৰ ৰায় ৷

পূৱ বিলাসীপাৰাৰ চাপৰৰ কাজিপাৰাৰ ফনীন্দ্ৰ ৰায়ৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ আৰু কাঠৰ বিভিন্ন সামগ্ৰী ৷ যান্ত্ৰিক সামগ্ৰী ব্যৱহাৰ নকৰি কেৱল দা আৰু কটাৰীৰে সজাই তুলিছে এই সামগ্ৰী সমূহ ৷ কিন্তু বৰ্তমান ক’ৰণা মহামাৰীৰ ফলত হোৱা লক ডাউনে এই শিল্পীজনৰ জীৱনলৈ বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ৷ প্ৰতিভা ঈশ্বৰৰ এক অমূল্য দান । কোনোবাই যদি মাটিৰে সামগ্ৰী প্ৰস্তুত কৰিছে, আনহাতে কোনোবাই লোৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিছে । খনিকৰৰ হাতৰ পৰশত যিদৰে শিল ন-ৰূপত প্ৰাণ পাই উঠে ঠিক তেনেকৈ চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ কাজিপাৰা গাঁৱৰ ফনীন্দ্ৰ ৰায়ৰ হাতৰ পৰশত বাঁহ আৰু কাঠৰ টুকুৰা নতুন ৰূপত প্ৰাণ পাই উঠে । ফনীন্দ্ৰ ৰায়ে নিজৰ সুপ্ত প্ৰতিভাৰে বাঁহ আৰু কাঠৰ সংমিশ্ৰণৰে প্ৰস্তুত কৰিছে দা, কুঠাৰ, বেকী দা, পৰশুৰামৰ কুঠাৰ, বন্দুক, খন্তিৰ লগতে বিভিন্ন সামগ্ৰী । আপুনি স্পৰ্শ নকৰাকৈ কব নোৱাৰিব এই সামগ্ৰী লোৰ নে বাঁহৰ ।

ফনীন্দ্ৰ ৰায়ৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ আৰু কাঠ

এই সমূহ সামগ্ৰী বিক্ৰী কৰিয়ে জীৱন নিৰ্বাহ কৰে যদিও এইবাৰ লক ডাউনৰ বাবে সামগ্ৰী বিক্ৰী কৰিব পৰা নাই লোকজনে । যাৰ বাবে আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে ফনীন্দ্ৰ ৰায় । ফনীন্দ্ৰ ৰায়ৰ উক্ত প্ৰতিভা সম্পন্ন শিল্প কলাৰ বাবে অঞ্চলৰ ৰাইজৰ লগতে আছুকে ধৰি বিভিন্ন দিশৰ পৰা সম্বৰ্ধনা লাভ কৰিছিল । সামগ্ৰী বোৰ বিক্ৰী কৰি কোনোমতে পৰিয়ালটো পোহপাল দি আছে ফনীন্দ্ৰ ৰায়ে । এই শিল্প কলাৰ বাবে চৰকাৰৰ পৰা আৰ্থিক অনুদান লাভ কৰিলে ন-ৰূপত গঢ় দিব বুলি আশাৰে বাট চাই আছে ফনীন্দ্ৰ ৰায়ে ।

লগতে পঢ়ক:আংশিক লকডাউনে বিপদ নমাইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.