ETV Bharat / state

Floods in Dhubri : কৃত্ৰিম বানৰ কৱলত ধুবুৰী জিলা কাৰাগাৰ

author img

By

Published : Jun 14, 2022, 4:32 PM IST

পুনৰ কৃত্ৰিম বানৰ কৱলত পৰিল ধুবুৰী জিলা কাৰাগাৰ, নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰ (Artificial floods in Dhubri)। আৱৰ্জনাময় হৈ পৰিছে প্ৰসূতি কল্যাণ কেন্দ্ৰ । কাৰাগাৰত কৃত্ৰিম বানৰ ফলত কয়দী, জেল কৰ্তৃপক্ষৰ হাহাকাৰ ।

Flood
কৃত্ৰিম বানৰ কৱলত ধুবুৰী জিলা কাৰাগাৰ

ধুবুৰী,১৪ জুন : যোৱা কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন অঞ্চল পুনৰ বানৰ কৱলত পৰিছে (Flood in Assam)। ধুবুৰী জিলাৰো বহু অঞ্চল প্লাৱিত হোৱা দেখা গৈছে । জিলাখনৰ বিভিন্ন অঞ্চলত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । বিশেষকৈ ধুবুৰী চহৰত থকা জিলা কাৰাগাৰ আৰু নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰ চিকিৎসালয় কৃত্ৰিম বানৰ কৱলত পৰিছে ।

ধুবুৰী জিলা কাৰাগাৰ আৰু নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাৰ লগতে নলা নৰ্দমাৰ লেতেৰা দুৰ্গন্ধময় পানী সোমাই যোৱাৰ ফলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখ্য যে, ধুবুৰী জিলা কাৰাগাৰৰ এয়া এক দীৰ্ঘ দিনীয়া সমস্যা । সামান্য বৰষুণতে পানীত বুৰ যায় জিলা কাৰাগাৰখন (Artificial flood at Dhubri district jail)। বিগত দিনত কেইবাবাৰো কয়েদীসহ জিলা কাৰাগাৰখন সমীপৰ ধুবুৰী ছোৱালী মহাবিদ্যালয়লৈ স্থানান্তৰ কৰাও পৰিলক্ষিত হৈছিল ।

কৃত্ৰিম বানৰ কৱলত ধুবুৰী জিলা কাৰাগাৰ

যাৰ ফলত জিলা কাৰাগাৰৰ কয়েদী আৰু বিষয়া-আৰক্ষীৰ লগতে সাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা যায় । কিন্তু এই সমস্যা সমাধানৰ ক্ষেত্ৰত যেন কোনো গুৰুত্ব নাই ৰাজ্য চৰকাৰৰ ।

আনফালে, একেই সমস্যা ধুবুৰী নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰৰ । সামান্য বৰষুণতে জলবন্দী হৈ পৰে চিকিৎসালয়খন (Flood at Dhubri Health and Maternity Welfare Centre)। নলা-নৰ্দমাৰ লেতেৰা দুৰ্গন্ধময় পানী সোমাই পৰে চিকিৎসালয় চৌহদত । ফলত ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ লগতে চিকিৎসক, নাৰ্চ আৰু কৰ্মচাৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ।

কিন্তু লক্ষ্যণীয় বিষয় যে, ধুবুৰীৰ বাবে এয়া কোনো নতুন কথা নহয় । কাৰণ উপযুক্ত নলা-নৰ্দমাৰ ব্যৱস্থা নথকাৰ ফলত সামান্য বৰষুণ হ'লেই জলবন্দী হৈ পৰে ধুবুৰী চহৰৰ ভিন্ন অঞ্চল ।

লগতে পঢ়ক : গুৱাহাটী মহানগৰীত ভূমিস্খলনত চাৰিজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.