ETV Bharat / state

উৎকোচ লৈ গ্ৰেপ্তাৰ ধুবুৰীৰ দুই আৰক্ষী বিষয়া

author img

By

Published : Sep 24, 2020, 10:07 AM IST

অৱশেষত দুৰ্নীতি নিবাৰণ শাখাৰ হাতত গ্ৰেপ্তাৰ হ’ল দুজনকৈ আৰক্ষী বিষয়া। ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাত নিশালৈকে অভিযান মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰণ আৰু তদন্তকাৰী শাখাৰ বৃহৎ দলৰ । উৎকোচ লোৱাৰ অভিযোগত আটক বিষয়া দুগৰাকী ৷ উদ্ধাৰ বহু বিস্ফোৰক তথ্য।

উৎকোচ লৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া

ধুবুৰী, 24 ছেপ্টেম্বৰ: উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল ধুবুৰীৰ দুজনকৈ আৰক্ষী বিষয়া ৷ বুধবাৰে নিশা দুবুৰী জিলা আৰক্ষী অধীক্ষকৰ সহযোগত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণ আৰু তদন্তকাৰী শাখাই গ্ৰেপ্তাৰ কৰে গৌৰীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰ আৰু গৌৰীপুৰ নগৰৰ দায়িত্বত থকা সহকাৰী আৰক্ষী উপ পৰিদৰ্শক আবুল কালাম আজাদক ৷

জানিব পৰা মতে, যোৱা আগষ্ট মাহত আৰক্ষীয়ে জব্দ কৰিছিল এখন অত্যধিক বোজাই ভৰ্তি ডাম্পাৰ । পাচত ডাম্পাৰখন এৰি দিয়াৰ নামত প্ৰথমে পাঁচ লাখ টকা বিচাৰে আৰক্ষী বিষয়া আবুল কালাম আজাদে ৷ পৰৱৰ্তী সময়ত দুই পক্ষৰ মাজত দুই লাখ টকাত বন্দৱস্ত হয় । সেই অনুসৰি বুধবাৰে অগ্ৰীম ধন হিচাপে 1 লাখ টকা এগৰাকী মধ্যভোগীয়ে সত্যজিৎ বৰঠাকুৰক দিয়ে ৷ উক্ত টকাখিনি সত্যজিৎ বৰঠাকুৰে নি দিয়েগৈ সহকাৰী উপপৰিদৰ্শক আবুল কালাম আজাদক ৷

সহকাৰী উপপৰিদৰ্শক আবুল কালাম আজাদ

কিন্তু এই সকলো খবৰ লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণ আৰু তদন্তকাৰী শাখাই ৷ সেই অনুসৰি আগদিনাৰ পৰাই জিলাখনত বাহৰ পাতিছিল এটা 28 জনীয়া অভিযানকাৰী দলে ৷ দুয়োগৰাকী আৰক্ষী বিষয়াই 1 লাখ টকাৰ উৎকোচ লোৱাৰ পাচতেই জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু এটা অভিযানকাৰী দল উপস্থিত হয় গৌৰীপুৰ থানাত ৷ প্ৰাথমিক অভিযান আৰু সোধ-পোচৰ অন্তত সত্যজিত বৰঠাকুৰ আৰু আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰণ শাখাই ৷

গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰ

দুয়োজন আৰক্ষী বিষয়াক আটকৰ পাচত বহু বিস্ফোৰক তথ্য লাভ কৰিছে অভিযানকাৰী দলটোৱে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে দুয়োগৰাকী আৰক্ষী বিষয়াক সোধপোচ অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰণ শাখাই ৷ অসম আৰক্ষীৰ কুকীৰ্তিৰ আৰু কি কি অধ্যায় খোল খায় সেয়া তদন্তৰ অন্তত জানিব পৰা যাব ৷

লগতে পঢ়ক :নগাঁৱত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে সৰৱ হ'ল KMSS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.