ধুবুৰী, 8 মে : ধুবুৰী চহৰৰ ১নং ৱার্ডৰ টাউন ক্লাৱৰ সমীপত এখন সৰু পাণদোকান দি জীৱন সংগ্ৰামৰ বাট মুকলি কৰিছিল মিলা ৰায় নামৰ সত্তৰৰ ঊৰ্ধৰ এগৰাকী মহিলাই ৷ বহু বছৰ পূর্বে স্বামীৰ মৃত্যুৰ পাছত চহৰখনৰ ৩নং বালুৰচৰৰ নিজৰ ভতিজীৰ ঘৰত বাস কৰে সন্তানহীন এই মহিলাগৰাকী । প্ৰায় চাৰি দশকৰ পৰাই এখন সৰু দোকানৰ পৰা দৈনিক উপাৰ্জন কৰা সামান্য ধনেৰেই টানি-টুনি চলি আছে মিলা ৰায় ৷
কিন্তু লক্ ডাউনৰ বাবে পাণ দোকানখন বন্ধ হৈ থকাৰ ফলত এতিয়া হতাশাত ভুগিছে মহিলাগৰাকী ৷ এই পৰ্যন্ত চৰকাৰৰ কোনো সাহাৰ্য পোৱা নাই মিলা ৰায়ে ৷ ফলত আৰ্থিকভাৱে অতি দুৰ্বল মহিলাগৰাকীয়ে উপায়হীন হৈ প্ৰতিদিনে দোকানখনত বহি লক্ ডাউন খোলাৰ অপেক্ষা কৰে।
উল্লেখ্য যে, 1 নং ৱাৰ্ডত ভোট দিয়া এই মহিলাগৰাকীৰ নাম বৰ্তমানলৈ ধুবুৰী জিলা প্ৰশাসনৰ সাহাৰ্যৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱাক লৈ এতিয়া ক্ষোভ উজাৰিছে বহু লোকে ৷