ETV Bharat / state

হিন্দু-মুছলমানৰ মিলনভূমিত পৰিণত হ'ল বহলপুৰৰ শ্মশান ঘাট - An example of unity in East Bilasipara

পূৱ বিলাসীপাৰাৰ ৰঙামাটিত সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন । হিন্দু, মুছলমানৰ মিলনভূমিত পৰিণত হ'ল বহলপুৰৰ শ্মশান ঘাট । বহলপুৰৰ ৰঙামাটিত হিন্দু মহিলা এগৰাকীক সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে হিন্দুধৰ্মী লোকৰ সহযোগত সৎকাৰ কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে । কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলাগৰাকী দীৰ্ঘদিনৰে পৰাই ৰঙামাটি গাঁৱৰ সাহানুৰ ইছলাম নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ আছিল ।

an-example-of-unity
হিন্দু-মুছলমানৰ মিলনভূমিত পৰিণত হ'ল বহলপুৰৰ শ্মশান ঘাট
author img

By

Published : Jul 12, 2020, 7:34 PM IST

পূৱ বিলাসীপাৰা, ১২ জুলাই: ১৯৮৮ চনত চম্পাৱতী উপ-স্বাস্থ্য কেন্দ্ৰত এএনএম কৰ্মী হিচাপে যোগদান কৰা শিলচৰৰ উষা বিশ্বাস নামৰ মহিলাগৰাকী সেই সময়ৰ পৰাই সাহানুৰ ইছলামৰ ঘৰত প্ৰথম অৱস্থাত আছিল এগৰাকী ভাৰাতীয়া হিচাপে । পৰৱৰ্তী সময়ত দুয়োখন ঘৰৰ মাজত এক সু সম্পৰ্ক গঢ়ি উঠাৰ পিছত তেওঁৰ ঘৰৰ কাষৰ মাটি এডোখৰ দিছিল স্থায়ীভাৱে বসবাস কৰিবলৈ । উষা বিশ্বাস নামৰ মহিলা গৰাকী বিবাহপাশত আৱদ্ধ হৈছিল যদিও নাছিল কোনো সতি-সন্তান । ২০১০ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা মহিলাগৰাকীৰ স্বামীৰো কেইবছৰ মান পূৰ্বে মৃত্যু হৈছিল । পৰৱৰ্তী সময়ত মহিলাগৰাকী আক্ৰান্ত হৈছিল কৰ্কট ৰোগত ।

হিন্দু-মুছলমানৰ মিলনভূমিত পৰিণত হ'ল বহলপুৰৰ শ্মশান ঘাট

কিন্তু মহিলাগৰাকীক অকলশৰীয়া হ'ব নিদিলে সাহানুৰৰ পৰিয়ালটোৱে । চিকিৎসাৰ লগতে জীৱনৰ বিয়লি বেলালৈকে সাহানুৰৰ ঘৰখনে আপোন কৰি ৰাখিলে উষা বিশ্বাসক । অৱশেষত শনিবাৰে ইহ সংসাৰ ত্যাগ কৰি অজান দেশলৈ গুচি গ'ল উষা বিশ্বাস নামৰ এই মহিলাগৰাকী । তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ মাত্ৰকে মৃতকৰ সৎকাৰৰ বাবে সাহানুৰৰ পৰিয়ালটোৰ কাষ চাপিলেহি ৰঙামাটিৰ হিন্দু আৰু মুছলমান সমাজৰ ৰাইজসকল । উপস্থিত লোকসকলে সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি-নীতিৰে মহিলাগৰাকীৰ এগৰাকী ভতিজাৰ দ্বাৰা মুখাগ্নি কৰাই বহলপুৰৰ শ্মশান ঘাটত কৰিলে অন্তিম সৎকাৰৰ ব্যৱস্থা ।

সম্প্ৰতি সাহানুৰৰ পৰিয়াল আৰু ৰঙামাটিবাসী ৰাইজৰ সম্প্ৰীতিৰ এই বিৰল নিদৰ্শনে চুই গ'ল সকলোৰে হৃদয় ।

লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবীৰে সৰুপথাৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.