ETV Bharat / state

ন ৰূপেৰে পৰ্যটকক আদৰিবলৈ সাজু আলোকঝাৰি বনাঞ্চল

ধুবুৰীৰ আলোকঝাৰি বনাঞ্চলে লাভ কৰিলে ন ৰূপ ৷ ন ৰূপেৰে সজ্জিত আলোকঝাৰি বনাঞ্চল এতিয়াৰে পৰা সাহিত্য মনিষী উপবন নামেৰে পৰিচিত হ'ব ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৰিলে উদ্যান খনৰ আনুষ্ঠানিক উদ্বোধন ৷ অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰাৰ উদ্দেশ্য আগত ৰাখি CAMPA আঁচনিৰ অধীনত লোৱা হৈছে এই বিশেষ পদক্ষেপ ৷

author img

By

Published : Nov 28, 2020, 8:21 AM IST

ন ৰূপেৰে পৰ্যটকক আদৰিবলৈ সাজু আলোকঝাৰি বনাঞ্চল
ন ৰূপেৰে পৰ্যটকক আদৰিবলৈ সাজু আলোকঝাৰি বনাঞ্চল

ধুবুৰী,28 নৱেম্বৰ: অতি ঘন জংঘলৰ লগতে মূল্যবান গছ গছনিৰে ভৰপূৰ ধুবুৰীৰ আলোকঝাৰি বনাঞ্চলে এতিয়াৰে পৰা পৰিচয় দিব এক নতুন নামেৰে ৷ ন ৰূপেৰে সজাই তোলা আলোকঝাৰি বনাঞ্চল এতিয়াৰে পৰা সাহিত্য মনিষী উপবন নামেৰে পৰিচিত হ'ব ৷ শুকুৰবাৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদ্যান খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ অসম চৰকাৰৰ CAMPA আঁচনিৰ অধীনত এই সাহিত্য মনিষী উপবনৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে প্ৰায় এহেজাৰটা গছ পুলি ৰোপণ কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই উপবনৰ আনুষ্ঠানিক উদ্বোধনী কৰে।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদ্যান খনৰ আনুষ্ঠানিক উদ্বোধন কৰে

সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী গৰাকীয়ে CAMPA আঁচনিৰ অধীনত অসমৰ 24 খন জিলাত 24 খন সাহিত্য মনিষী উপবন আৰম্ভ কৰাৰ কথা উল্লেখ কৰাৰ লগতে অতি মূল্যবান ঔষধি গছ পুলি ৰোপণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ প্ৰথম অৱস্থাত এহেজাৰটা প্ৰজাতিৰ ঔষধি আৰু ফলমূলৰ পুলি ৰোপণ কৰা হব বুলি জানিবলৈ দি অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰাৰ প্ৰতি লক্ষ্য কৰি অসমৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই এই আঁচনি হাতত লোৱা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

আলোকঝাৰী সাহিত্য মনিষী উপবনক পৰ্যটনৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা

বিভাগীয় মন্ত্ৰী গৰাকীয়ে কয় যে আগন্তুক দিন সমূহত জৈৱ বৈচিত্ৰৰে ভৰপূৰ আলোকঝাৰী সাহিত্য মনিষী উপবনখন পৰ্যটনৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হ'ব ৷ বন বিভাগত চোৰাং কাৰবাৰ আৰু বন ধ্বংসৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত চোৰাং বেহা,গঁড় হত্যা আদিৰ দৰে ঘটনা সংঘটিত হৈছিল যদিও বৰ্তমান সেয়া বন্ধ হৈছে বুলি দাবী কৰে ৷

স্থানীয় বিধায়ক অশ্বিনী ৰায় সৰকাৰ,বিধায়ক অশোক কুমাৰ সিংহি আৰু জিলা উপযুক্ত অনন্তলাল জ্ঞানীৰ উপৰিও বন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ উপস্থিতিত মন্ত্ৰী গৰাকীয়ে উপবনখনৰ শুভ উদ্বোধন কৰে ৷
লগতে পঢ়ক:হিমন্তৰ নিৰ্দেশত কোকৰাঝাৰৰ পথৰ পৰা বিপিএফৰ সকলো পতকা আতৰাইছেঃ হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.