ETV Bharat / state

Dhubri Waqf Board Scam : সাংবাদিকৰ কেমেৰা দেখি আলমিৰাৰ ভিতৰত লুকাল চৰকাৰী বিষয়া - ধুবুৰী ৱাকফ ব’ৰ্ডৰ বিষয়াৰ দুৰ্নীতি

গোপন বৈঠকত সাংবাদিকৰ উপস্থিতি দেখি কেমেৰাৰ পৰা বাচিবলৈ আলমিৰাৰ ভিতৰত লুকাল এজন চৰকাৰী বিষয়া ৷ ধুবুৰী আৱৰ্ত ভৱনৰ মাটিয়াবাগ নামৰ কোঠাত ধুবুৰী ৱাকফ বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া(Chief executive officer of Dhubri Waqf Board)ৰে আন দুজনৰ চলিছিল এই গোপন বৈঠক(Private meeting of Dhubri Waqf Board officer) ৷ গোপন বৈঠকত মিলিত হৈ দুৰ্নীতিৰে ৱাকফ ব’ৰ্ডৰ মাটিত গোপনে প্ৰজেক্ট স্থাপন কৰাৰ সিদ্ধান্ত কৰা বুলি এক বিশেষ সূত্ৰে প্ৰকাশ পাইছে ৷

dhubri waqf board scam
ধুবুৰী ৱাকফ ব’ৰ্ডত দুৰ্নীতি
author img

By

Published : Dec 1, 2021, 2:00 PM IST

ধুবুৰী, 1 ডিচেম্বৰ : সাংবাদিকক দেখি আলমিৰাৰ ভিতৰত লুকাল এজন চৰকাৰী বিষয়া ৷ গোপন বৈঠকত সাংবাদিকৰ উপস্থিতি দেখি নিজকে লুকুৱাবলৈ এই কাণ্ড কৰিলে বিষয়াজনে ৷ পিছে সাংবাদিকৰ কেমেৰা দেখি কিয় লুকাবলগীয়া হ’ল বিষয়াজনে, জানেনে? এতিয়া আহো মূল প্ৰসংগলৈ ৷

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে ধুবুৰীত সম্পন্ন হয় ৱাকফ ব’ৰ্ডৰ বিষয়াৰ এখন গোপন বৈঠক(Private meeting of Dhubri Waqf Board officer) ৷ ধুবুৰী আৱৰ্ত ভৱনৰ মাটিয়াবাগ নামৰ কোঠাত ৱাকফ বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া নুৰ হুছেইন(Chief executive officer of Dhubri Waqf Board Nur Hussain), এজন কৰ্মচাৰীৰ লগতে ধুবুৰীৰ এজন সচেতন লোকৰ মাজত চলিছিল এই গোপন বৈঠকখন ৷ গোপন বৈঠকৰ খবৰ লাভ কৰি বৈঠকস্থলীত উপস্থিত হয় একাংশ সাংবাদিক ৷

কিন্তু সাংবাদিকৰ কেমেৰা দেখি থৰকাচুটি হেৰাল উচ্চ পদস্থ বিষয়া নুৰ হুছেইনৰ ৷ সাংবাদিকক দেখাৰ লগে লগেই বহা ঠাইৰ পৰা উঠি গৈ আলমিৰাৰ ভিতৰত সোমায় বিষয়াজনে ৷ লগতে ভিজুৱেল সংগ্ৰহত বাধা প্ৰদান কৰে উচ্চ পদস্থ বিষয়াজনে ৷ ধুবুৰী আৱৰ্ত ভৱনৰ B নম্বৰ (মাটিয়া বাগ) কোঠাত বাঁহৰ পাতিছে ৱাকফ বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া নুৰ হুছেইনসহ আন দুগৰাকী কৰ্মচাৰীয়ে ।

ধুবুৰী ৱাকফ ব’ৰ্ডত দুৰ্নীতি

গুৱাহাটীৰ পৰা মনে মনে ধুবুৰীত উপস্থিত হৈ বিষয়াজনে এক গোপন বৈঠকত মিলিত হোৱা বুলি জানিব পৰা গৈছে । কিন্তু ধুবুৰীৰ স্থানীয় সাংবাদিকে গোপন বৈঠকৰ চাঞ্চল্যকৰ দৃশ্য বন্দী কৰাৰ পাচতেই ওলাই পৰে জোলঙাৰ মেকুৰীটো ।

এক বিশেষ সূত্ৰে লাভ কৰা তথ্য মতে, ধুবুৰীৰ আদাবাৰি অঞ্চলত থকা ৱাকফ ব’ৰ্ডৰ প্ৰায় 50 বিঘা মাটিত গোপনে প্ৰায় 1 কোটি টকাৰ প্ৰজেক্ট স্থাপন কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ ৱাকফ বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া নুৰ হুছেইনসহ অডিটৰ আৰু এজন কৰ্মচাৰী উপস্থিত হয় ধুবুৰী আৱৰ্ত ভৱনত । অসম চৰকাৰৰ ৱাকফ বৰ্ডৰ এই তিনিজনীয়া দলটিক সংগ দিছে ধুবুৰীৰ এগৰাকী ৰাজনৈতিক নেতাৰ লগতে কেইজনমান বিশেষ ব্যক্তিয়ে ।

লক্ষণীয় বিষয় যে, মুখ্য কাৰ্যবাহী বিষয়াজনে চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পূৰ্বে ৱাকফ ব’ৰ্ডৰ সম্পত্তিক লৈ দুৰ্নীতিৰ পাহাৰ গঢ়িব বিচাৰিছে নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৷ নহ’লে কিহৰ স্বাৰ্থত, মুখ্য কাৰ্য্যবাহী বিষয়া নুৰ হুছেইনে মনে মনে ধুবুৰীত উপস্থিত হৈ গোপন বৈঠকত মিলিত হৈছে, সেয়া তদন্ততহে ওলাই পৰিব ৷

লগতে পঢ়ক : Main Culprit of Mob lynching dead : অনিমেষ ভূঞা হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.