ETV Bharat / state

Estimates Committee of ALA: ধুবুৰীত চৰকাৰী আঁচনিৰ কামত অসন্তুষ্ট অসম বিধানসভাৰ এষ্টিমেটচ কমিটিৰ - Estimates Committee of ALA

ধুবুৰীত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ বুজ ল’লে অসম বিধানসভাৰ এষ্টিমেটচ্ কমিটিয়ে (Estimates Committee of Assam Assembly)। আঁচনিসমূহ পৰিদৰ্শন কৰি অসন্তুষ্টি প্ৰকাশ কমিটিৰ অধ্যক্ষ প্ৰশান্ত ফুকনৰ । লগতে বিষয়াকো দিলে ধমক ৷

Estimate Committee of Assam Assembly inspected several schemes implemented in Dhubri
ধুবুৰীৰ বিভিন্ন আঁচনিৰ বুজ ল’লে অসম বিধানসভাৰ এষ্টিমেটচ্ কমিটিয়ে
author img

By

Published : Jan 5, 2023, 9:43 AM IST

ধুবুৰীৰ বিভিন্ন আঁচনিৰ বুজ ল’লে অসম বিধানসভাৰ ইষ্টিমেট কমিটিয়ে

ধুবুৰী, 5 জানুৱাৰী: অসম বিধানসভাৰ এষ্টিমেটচ্ কমিটিৰ এটি সঁজাতী দলে যোৱা দুটা দিনে অৰ্থাৎ মঙল আৰু বুধবাৰে ধুবুৰীৰ বিভিন্ন অঞ্চলত ৰূপায়িত একাধিক আঁচনিৰ বুজ লয় (Estimates Committee of Assam Assembly) । আঁচনিৰ কাম পৰিদৰ্শন কৰিবলৈ গৈ বিষয়াক ধমক দিলে এষ্টিমেটচ্ কমিটিৰ অধ্যক্ষ তথা বিধায়ক প্ৰশান্ত ফুকনে ।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন অঞ্চলত ৰূপায়িত হৈ অহা কোটি কোটি টকাৰ আঁচনিসমূহৰ বুজ লোৱাৰ উদ্দেশ্যে শাসক বিৰোধী উভয় দলৰ কেইগৰাকীমান বিধায়কক লৈ গঠন কৰা হৈছে বিধানসভাৰ ইষ্টিমেট কমিটিখন ৷ শেহতীয়াকৈ ধুবুৰী আৰু বিলাসীপাৰা মহকুমাৰ বিভিন্ন অঞ্চলত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ বুজ ল’বলৈ বিধানসভাৰ এষ্টিমেটচ্ কমিটিৰ এটা সঁজাতি দলে দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় ধুবুৰী জিলাত ৷ এষ্টিমেটচ্ কমিটিৰ দলটোৱে মঙলবাৰে বিলাসীপাৰাত ৰূপায়িত বিভিন্ন আঁচনিৰ বুজ লোৱাৰ অন্তত সন্ধিয়া উপস্থিত হয় ধুবুৰীত (Estimate Committee inspected schemes in Dhubri) ।

একেধৰণে বুধবাৰৰ দিনটোতো ধুবুৰী আৰু গৌৰীপুৰৰ কেইবাখনো আঁচনিৰ বুজ ললে সঁজাতী দলটোৱে (Estimate Committee in Dhubri)। প্ৰথমে গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত চাপগড় পঞ্চায়তৰ এটা মথাউৰিৰ কাম পৰিদৰ্শন কৰাৰ বাবে উপস্থিত হয় দলটো । কিন্তু মথাউৰি পৰিদৰ্শন কৰিবলৈ গৈ হঠাৎ খঙত অগ্নিশৰ্মা হৈ পৰে এষ্টিমেটচ্ কমিটিৰ অধ্যক্ষ প্ৰশান্ত ফুকনসহ আন সদস্যসকল ৷ কিন্তু কি কাৰণত খং উঠিবলৈ পালে দলটোৰ ?

ঘটনাৰ বিৱৰণী অনুসৰি জলসিঞ্চনৰ অন্তৰ্গত এখন আচঁনিৰ বাবে আৱন্টন দিয়া হৈছিল প্ৰায় ৭০ লাখ টকা ৷ কিন্তু জলসিঞ্চন বিভাগে সেই আচঁনিৰ ধন জলসিঞ্চনৰ কামত ব্যৱহাৰ নকৰি সেই ধন ব্যয় কৰিছিল মথাউৰি নিৰ্মাণৰ কামত ৷ জলসিঞ্চন বিভাগৰ কাম হৈছে ৰাইজক পানী যোগান ধৰা; কিন্তু তাকেই নকৰি বিভাগটোৱে সেই বৃহৎ ধনৰাশি খৰচ কৰিলে মথাউৰি নিৰ্মাণৰ কামত । জলসিঞ্চন বিভাগৰ কাম বাদ দি অন্য এটা বিভাগৰ কামত সেই ধন কি কাৰণত ব্যৱহাৰ কৰিব লগা হ’ল, অথবা কাৰ অনুমতিত এই কাম কৰা হ’ল বুলি বিভাগীয় বিষয়াক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে এষ্টিমেটচ্ কমিটিৰ সঁজাতি দলটোৱে ।

বিভাগীয় বিষয়াক এক প্ৰকাৰে ধমক দি এই ক্ষেত্ৰত চৰকাৰক প্ৰতিবেদন দাখিল কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰিলে বিধায়ক প্ৰশান্ত ফুকনে ৷ আনপিনে মটেৰঝাৰ অঞ্চলত নিৰ্মাণ কাৰ্য চলি থকা জল জীৱন মিচনৰ আন এখন আঁচনিৰ বুজ লৈ আচঁনিখনত কিছু বিসংগতি পোৱাৰ কথা উল্লেখ কৰি আলোচনা কৰা পৰিলক্ষিত হয় । সাংবাদিকে দুয়োখন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত হোৱা বিসংগতি সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচৰাত এই আঁচনিৰ কামত কোনো খেলিমেলি দেখা পোৱা নাই বুলি কৈ এষ্টিমেটচ্ কমিটিৰ অধ্যক্ষসহ একাংশ সদস্যই যেন বিভাগীয় বিষয়াক ৰক্ষণা-বেক্ষণ দিয়াৰ চেষ্টা চলোৱাহে পৰিলক্ষিত হ’ল ।

আনপিনে জল জীৱন মিছন আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় একাংশ ৰাইজে । জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে বিশুদ্ধ খোৱা পানী পাব বুলি আশ্বাস প্ৰদান কৰা হৈছিল । কিন্তু সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ কাৰণ ৰাজ্যৰ বহু অঞ্চলত এতিয়াও ঢ়ুকি পোৱা নাই এই আচঁনিয়ে ৷

উল্লেখ্য যে, বিধানসভাৰ এষ্টিমেটচ্ কমিটিৰ সঁজাতি দলটোৱে জিলাখনৰ বিভিন্ন আঁচনিৰ বুজ লোৱাৰ পিছত বুধবাৰে বিয়লিৰ ভাগত ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই ভ্ৰমণৰ অন্তত কমিটিয়ে অসম বিধানসভাৰ মজিয়াত এখন প্ৰতিবেদন দাখিল কৰিব বুলি উল্লেখ কৰে কমিটিৰ অধ্যক্ষ প্ৰশান্ত ফুকনে (MLA Prasanta Phukan)।

লগতে পঢ়ক: Medical College in Assam: পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.