ETV Bharat / state

ধুবুৰীৰ গৌৰীপুৰত অখিল গগৈ: AIUDF ক মৌলবাদী দল আখ্যা - Akhil Gogoi on Flood situation

ধুবুৰীত উপস্থিত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ(Akhil Gogoi in Dhuburi) । ধুবুৰীত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য বিধায়কগৰাকীৰ । চৰকাৰৰ লগতে AIUDF তথা বদৰুদ্দিন আজমলক তীক্ষ্ণ সমালোচনা গগৈৰ(Akhil criticize AIUDF and Assam Gvt.) ।

akhil-gogoi-strongly-criticizes-aiudf-in-dhubri
ধুবুৰীৰ গৌৰীপুৰত অখিল গগৈ: AIUDF ক মৌলবাদী দল আখ্যা
author img

By

Published : May 22, 2022, 2:02 PM IST

ধুবুৰী,২২ মে': শনিবাৰে ধুবুৰীৰ গৌৰীপুৰত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ(Akhil Gogoi in Dhuburi) । গৌৰীপুৰ পুথিভড়ালত এখন কৰ্মী সভাত উপস্থিত হৈ কেতবোৰ বিস্ফোৰক মন্তব্য অখিল গগৈৰ । ঐতিহাসিক গৌৰীপুৰৰ ৰজাঘৰীয়া হাৱামহলটো সংৰক্ষন কৰাৰ দাবী উত্থাপন কৰে বিধয়াক অখিল গগৈয়ে ৷

ৰাজ হাউলীটো সংৰক্ষণৰ কথা কৈ তেঁও কয় যে এই হাউলীত বহু স্মৃতি জড়িত হৈ আছে । ভূপেন হাজৰিকা প্ৰতিমা পাণ্ডে বৰুৱাৰ এসময়ত এই হাউলী কৰ্মস্থলী আছিল বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে । লগতে মহলটোত থকা ৰজা দিনীয়া তথা মৌজাদাৰ জমিদাৰৰৰ দিনৰ সা-সামগ্ৰীৰো সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই ।

ইফালে বান পৰিস্থিতি সন্দৰ্ভতো মত ব্যক্ত কৰে বিধায়ক গৰাকীয়ে(Akhil Gogoi on Flood situation) । ডিমা হাছাওত বান গৰাখহনীয়াৰ মূল কাৰণ তিনিটা বুলি অভিহিত কৰে । ৰে'ল বিভাগৰ অপৰিকল্পিত ৰে'ললাইন নিৰ্মাণ, ডিমা হাছাওৰ পাহাৰত ব্যাপক ৰূপত কয়লা খনন আৰু শিল-বালি মাফিয়াই কৰা লুণ্ঠনৰ পৰিপ্ৰেক্ষিতত কোনোদিনে বানপানী নোহোৱা ডিমা হাছাওত বান গৰাখহনীয়াই ভয়াবহ ৰূপ লৈছে বুলি মন্তব্য গগৈৰ ।

ধুবুৰীৰ গৌৰীপুৰত অখিল গগৈ: AIUDF ক মৌলবাদী দল আখ্যা

বানৰ সময়ত অমিত শ্বাহৰ অসমলৈ কিয় মনত নপৰে বুলি প্ৰশ্ন গগৈৰ । দিল্লীৰ পৰা এটা ফোন কৰাতেই দায়িত্ব সীমাবদ্ধ বুলি মন্তব্য কৰি অৰুণাচললৈ আহি অসমৰ বান পৰিস্থিতিৰ খবৰ ল’বলৈ কিয় আহৰি নাই বুলিও প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে । লগতে বান মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰ বিজেপি চৰকাৰে ব্ৰহ্মপুত্ৰ খনন নকৰাৰ ফলস্বৰূপে আজি এই বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে গগৈয়ে ৷

AIUDF দলক মৌলবাদী দল আৰু চৰম সাম্প্ৰদায়িক দল বুলি আখ্যা দি ধুবুৰীৰ পৰা সাংসদ বদৰুদ্দিন আজমলক লথিয়াই খেদি পঠিয়াব লাগে বুলি বিষ্ফোৰক মন্তব্য কৰে ৰাইজৰ নেতা অখিল গগৈয়ে(Akhil criticize AIUDF and Assam Gvt.) ৷ আনহাতে আজমলৰ জৰা-ফুকা ৰাজনীতিত ভোল নাযাবলৈ আহ্বান জনাই গগৈয়ে ।

NRC প্ৰসংগতো কেতবোৰ বিস্ফোৰক মন্তব্য অখিল গগৈৰ(Akhil Gogoi on NRC issue) । NRC প্ৰসংগত তেঁও কয় যে এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতিশোধ পৰায়ণ ৰাজনীতি । মুছলমানৰ নাম কৰ্তন কৰিবৰ বাবে বাৰম্বাৰ NRC খন তেঁওলোকৰ মতে চলাব খুজিছে । যদি প্ৰতীক হাজেলাৰ ওপৰত গোচৰ তৰিব পাৰে তেন্তে সেই সময়ৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জণ গগৈৰ ওপৰতো গোচৰ তৰিব লাগে বুলি বিস্ফোৰক মন্তব্য গগৈৰ ।

প্ৰতীক হাজেলাক উদ্দেশ্য প্ৰণোদিত ভাৱে আঁতৰ কৰা হৈছে । সেয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দুৰ্নীতি পৰায়ণ ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক: থানা জ্বলোৱাৰ লগত জড়িত কাকো ৰেহাই দিয়া নহ’ব : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.