ETV Bharat / state

"মূল্যবৃদ্ধি হোৱাৰ সময়ত বিৰোধীৰ ভূমিকা শূণ্য"-বদৰুদ্দিন আজমল - এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল

"ইউ পি এ চৰকাৰৰ দিনত যিকোনো সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগে বিজেপিৰ নেতা সকলে প্ৰতিবাদত নামিছিল । কিন্তু বৰ্তমান মূল্যবৃদ্ধি হোৱাৰ সময়তে বিৰোধীৰ ভূমিকা শূন্য । শুই আছে কংগ্ৰেছ আৰু বিজেপি ।" এই মন্তব্য এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাংসদ বদৰুদ্দিন আজমল
author img

By

Published : Oct 1, 2019, 9:16 PM IST

ধুবুৰী,1অক্টোবৰঃ "ইউ পি এ চৰকাৰৰ দিনত নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ ইচ্ছুক লৈ ঘনে ঘনে প্ৰতিবাদ কৰিছিল বিজেপিৰ নেতা সকলে । কিন্তু নিবনুৱা সমস্যা সমাধান আৰু মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দি দিল্লী আৰু দিছপুৰ দখল কৰিছিল বিজেপিয়ে । যদিও প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ ওলোটা ছবিহে বৰ্তমান স্পষ্ট হৈছে । মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত বিৰোধীয়ে যি ধৰণে ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেইধৰণে ভূমিকা গ্ৰহণ কৰা নাই ।" - মঙলবাৰে ধুবুৰীত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে ৷

তেওঁ লগতে কয় যে বিজেপি চৰকাৰে ৰাইজক পোন্ধৰ লাখ টকাকৈ দিয়াৰ কথা আছিল কিন্তু সেয়াও নিদিলে ৷ ইপিনে এনে সময়ত বিৰোধী কংগ্ৰেছে মূল ভূমিকা লব পৰা নাই বুলিও কংগ্ৰেছক কটাক্ষ কৰে সাংসদগৰাকীয়ে । ইফালে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদৰ মজিয়াত পুণৰ উত্থাপন কৰি বিতৰ্কিত বিধেয়কখন গৃহীত কৰাৰ বাবে বিজেপিয়ে দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ পৰিছে যদিও এ আই ইউ ডি এফে এই বিধেয়কৰ বিৰোধিতা কৰিছে আৰু বিৰোধিতা কৰি যাব বুলিও উল্লেখ কৰে আজমলে ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাংসদ বদৰুদ্দিন আজমল

আনহাতে কংগ্ৰেছৰে মিত্ৰতা সম্পৰ্কত সাংসদ গৰাকীয়ে কয় যে, এতিয়ালৈকে আনুষ্ঠানিক মিত্ৰতা হোৱা নাই। সন্মুখৰ উপ নিৰ্বাচনত কেৱল জনীয়া সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে বাকী তিনিটা সমষ্টি কংগ্ৰেছৰ বাবে এৰি দিছে বুলি উল্লেখ কৰি আজমলে কয় কংগ্ৰেছৰ ওপৰত সদায় আশীৰ্বাদ আছে ।

Intro: ইউ পি এ চৰকাৰৰ দিনত যিকোনো সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগে বিজেপিৰ নেতা সকলে প্ৰতিবাদত নামিছে। কিন্তু আজি মূল্যবৃদ্ধি হোৱাৰ সময়তে বিৰোধীৰ ভূমিকা শুন্য। শুই আছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ। এই মন্তব্য এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ।

Body: পেট্ৰলজাত সামগ্ৰীৰ লগতে সম্প্ৰতি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি। দেশ তথা ৰাজ্যত বৃদ্ধি পাইছে নিবনুৱা সমস্যা। আনহাতে দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ দৰে তিনিটা জ্বলন্ত সমস্যাই বৰ্তমান চিন্তাত পেলাইছে সাধাৰণ ৰাইজৰ লগতে বিৰোধী ৰাজনৈতিক দল সমূহক। পূৰ্বে ইউ পি এ চৰকাৰৰ দিনত নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ ইচ্ছুক লৈ ঘনে ঘনে প্ৰতিবাদ কৰিছিল বিজেপিৰ নেতা সকলে। কিন্তু নিবনুৱা সমস্যা সমাধান আৰু মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দি দিল্লী আৰু দিছপুৰ দখল কৰিছিল বিজেপিয়ে। যদিওঁ প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ ওলোটা ছবিহে বৰ্তমান স্পষ্ট হৈছে। মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত বিৰোধীয়ে যি ধৰণে ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেইধৰণে ভূমিকা গ্ৰহণ কৰা নাই। এয়া আমাৰ কথা নহয়। বিৰোধী দলৰেই এজন মুৰব্বীৰ মুখত ফুটি উঠিছে এই কথা।

দৰাচলতে আজি ধুবুৰীত উপস্থিত হোৱা এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয়ঃ ৰাইজক পোন্ধৰ লাখ টকাকৈ দিয়াৰ কথা আছিল বিজেপিৰ। কিন্তু কত দিলে ? বছৰে দুই কোটি নিবনুৱা নিযুক্তি দিয়াৰ কথা কৈছিল বিজেপিয়ে। কিন্তু দুই লাখো নিদিলে বুলি কলে আজমলে। বিৰোধী কংগ্ৰেছে মূল ভূমিকা লব পৰা নাই। আনকি এ আই ইউ ডি এফেও লোৱা নাই বিৰোধীৰ ভূমিকা। শুই আছে বিৰোধী। শুনক কি কলে বদৰুদ্দিন আজমলে।

Byte:- (02) বদৰুদ্দিন আজমল।

ইপিনে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব) সংসদৰ মজিয়াত পুণৰ উত্থাপন কৰি বিতৰ্কিত বিধেয়ক খন গৃহীত কৰাৰ বাবে বিজেপিয়ে দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ পৰিছে যদিওঁ এ আই ইউ ডি এফ এই বিধেয়কৰ বিৰোধিতা কৰিছে আৰু বিৰোধিতা কৰি যাব বুলিওঁ উল্লেখ কৰে আজমলে।

আনহাতে কংগ্রেছৰে মিত্ৰতা সম্পৰ্কত সাংসদ গৰাকীয়ে কয়ঃ এতিয়ালৈকে আনুষ্ঠানিক মিত্ৰতা হোৱা নাই। সন্মুখৰ উপ নিৰ্বাচনত কেৱল জনীয়া সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে বাকী তিনিটা সমষ্টি কংগ্ৰেছৰ বাবে এৰি দিছে বুলি উল্লেখ কৰি আজমলে কয় কংগ্ৰেছৰ ওপৰত সদায় আশীৰ্বাদ আছে।

Byte:- (03) বদৰুদ্দিন আজমল।

Conclusion: উল্লেখযোগ্য যে, বিৰোধী দলৰ এগৰাকী মুৰব্বী হৈ এ আই ইউ ডি এফ দলে বিৰোধীৰ ভূমিকা পালন কৰা নাই বুলি উল্লেখ কৰা বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ। যদিওঁ দলৰ মুৰব্বীৰ এনে মন্তব্যৰ পিছত এ আই ইউ ডি এফ দলে কেনে ভূমিকা পালন কৰে সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.