ধুবুৰী,10 এপ্ৰিলঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে । কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী আৰু অগপ, বিজেপি, বিপিএফ মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ সমান্তৰাল কৈ এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলে বুধবাৰে হাটশিঙিমাৰী কুপাতি বজাৰ খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । সভাত বদৰুদ্দিন আজমলে কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী আৰু বিজেপি-অগপ, বিপি এফৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামক কঠোৰ ভাষাৰে সমালোচনা কৰি জাবেদ ইছলামক মুকবধিৰ আখ্যা দিয়ে । লগতে বিশ্বনাথ চাৰিআলি কাণ্ডক গৰিহণা জনোৱাৰ লগতে উচ্চস্তৰীয় তদন্ত দাবী কৰে আজমলে ৷
মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামক মুকবধিৰ আখ্যা আজমলৰ - জাবেদ ইছলাম
সভাত বদৰুদ্দিন আজমলে কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী আৰু বিজেপি-অগপ, বিপিএফৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামক কঠোৰ সমালোচনা আজমলৰ