বিলাসীপাৰা,২৬ মাৰ্চ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ২৭ নং পূব বিলাসীপাৰা সমষ্টিতো তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । প্ৰতিজন প্ৰাৰ্থীয়ে নিজৰ পক্ষত ভোট গোটাবলৈ দিন ৰাতি একাকাৰ কৰা দেখা গৈছে ।
বৃহস্পতিবাৰে নিশা সমষ্টিটোৰ লক্ষীগঞ্জ শিঙিমাৰীত মহাজোঁটৰ এআইইউডিএফৰ প্ৰাৰ্থী ছামছুল হুদাৰ সমৰ্থনত এখন নিৰ্বাচনী প্ৰচাৰ সভা আৰু যোগদান সভা অনুষ্ঠিত হয় । লক্ষীগঞ্জ আঞ্চলিক এআইইউডিএফ আৰু লক্ষীগঞ্জ মণ্ডল কংগ্ৰেছে আয়োজন কৰা সভাত উপস্থিত থাকে সমষ্টিটোৰ মহাজোঁটৰ প্ৰাৰ্থী ছামছুল হুদা ।
এই সভাত বিজেপি চৰকাৰৰ কাম কাজত অসন্তুষ্টি প্ৰকাশ কৰি খগেন নাথ, পৰমেশ্বৰ নাথ আৰু আমজাদ হুছেইনৰ নেতৃত্বত অৰ্ধ শতাধিক অসম গণ পৰিষদ দল ত্যাগ কৰি জিলা প্ৰতিনিধি তথা বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে এআইইউডিএফত আনুষ্ঠানিকভাৱে যোগদান কৰে । যোগদান কৰা অগপ'ৰ নেতা-কৰ্মীসকলক ফুলাম গামোচাৰে আদৰণি জনাই মহাজোঁটৰ প্ৰাৰ্থী ছামছুল হুদাই ।
লগতে পঢ়ক:মীৰা বৰঠাকুৰে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ