ETV Bharat / state

ধুবুৰীত ভয়ংকৰ এয়াৰ চিলিণ্ডাৰ বিস্ফোৰণ - এয়াৰ চিলিণ্ডাৰ

ধুবুৰীৰ এ.এম কোঃ বজাৰ আৰক্ষী চকীৰ গাতে লাগি থকা এটা আইচক্ৰীম ফেক্টৰীত এয়াৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলত গুৰুতৰভাৱে আহত হয় তিনিজনকৈ কৰ্মৰত লোক ।

air cylinder blast in dhub
air cylinder blast in dhub
author img

By

Published : Apr 5, 2020, 6:51 PM IST

ধুবুৰী, 5 এপ্ৰিলঃ ধুবুৰী চহৰৰ এ.এম কোঃ বজাৰ আৰক্ষী চকীৰ গাতে লাগি থকা বিউটি আইচক্ৰীম ফেক্টৰীত কেইজনমান কৰ্মচাৰীক লগত লৈ দুজনকৈ মিস্ত্ৰীয়ে মেৰামতিৰ কাম কৰি থকাৰ সময়তে সংঘটিত হয় ভয়ংকৰ অঘটন । হঠাৎ ফেক্টৰীত থকাৰ এয়াৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ঘৰৰ টিনপাত ভাঙি প্ৰায় আধা কিল'মিটাৰ দূৰলৈ চিটিকি যায় । ফলত ভিতৰত থকা লোক সকলৰ ভিতৰত পৰিমল দাস নামৰ পশ্চিমবঙ্গৰ এজন মিস্ত্ৰীসহ ৰাহুল আমিন আৰু ছাদ্দাম শ্বেখ নামৰ ফেক্টৰীৰ দুই কৰ্মচাৰী গুৰুতৰভাৱে আহত হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত লোক কেইগৰাকীক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা ছাদ্দাম শ্বেখ আৰু পৰিমল দাসক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে চিকিৎসকে । আনহাতে ঘটনাৰ প্ৰাথমিক তদন্তৰ অন্তত ধুবুৰী চক্ৰ বিষয়া জয় শংকৰ শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ ফেক্টৰীটো চীল কৰি দিয়ে ।

ধুবুৰীত ভয়ংকৰ এয়াৰ চিলিণ্ডাৰ বিস্ফোৰণ

লগতে পঢ়কঃ বয়স্কৰ ওপৰত কোভিড-19ৰ প্ৰভাৱ তথা তাৰ প্ৰতিকাৰৰ উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.