গোলকগঞ্জ,১৭ ফেব্ৰুৱাৰী: নিৰ্বাচন চমু চাপি অহাৰ সময়তে গোলকগঞ্জ অগপত মোক্ষম আঘাট । একপ্ৰকাৰ অগপ শূন্য হ'ল গোলকগঞ্জ সমষ্টি । অগপ দলৰ জিলা সম্পাদকসহ গোলকগঞ্জ সমষ্টিৰ পোন্ধৰ টা আঞ্চলিকৰ সভাপতি-সম্পাদকে সংবাদমেল যোগে পদত্যাগৰ ঘোষণা কৰে । তেওঁলোকে জনোৱা মতে ৰাজ্যিক সমিতিলৈ ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । অগপ দলৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অগপ দলৰ সভাপতি শৈলেদ্র কিশোৰ ৰায়ে সংবাদমেল যোগে এই সমূহীয়া পদত্যাগৰ কথা ঘোষণা কৰে । সম্প্ৰতি অগপ দলটোৰ ৰাজনৈতিক প্ৰেক্ষাপট গোলকগঞ্জত নি:চিহ্ন হোৱা বুলি ঘোষণা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা কথা জনালে সভাপতি শৈলেদ্র কিশোৰ ৰায়ে ।
ইফালে পদত্যাগ কৰা নেতাসকলে আগন্তুক দিনত কোন দলত যোগদান কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । অৱশ্যে ইয়াৰ মাজতে তেওঁলোকে মিত্ৰদল বিজেপিত যোগদান কৰিব বুলি এক চৰ্চা অব্যাহত আছে ।
লগতে পঢ়ক:গোৱালপাৰাত মুকলি 'কস্তুৰবা গান্ধী বালিকা বিদ্যালয়'