ধুবুৰী, 26 ছেপ্টেম্বৰঃ বিলাসীপাৰাত কংগ্ৰেছ ত্যাগ কৰি অগপত যোগ দিলে চাৰি শতাধিক কৰ্মী-সমৰ্থকে ৷ অগপই অনুষ্ঠিত কৰা সদস্য ভৰ্তি অভিযান সভাত আনুষ্ঠানিকভাৱে যোগ দিয়ে পশ্চিম বিলাসীপাৰাৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সদস্য মনোৱাৰ হুছেইনৰ লগতে দলটোৰ চাৰিশৰো অধিক কৰ্মী আৰু সমৰ্থকে ৷ আনহাতে একেখন সভাতে চি পি আই নেতা তথা অধিবক্তা চান মামুদেও অনানুষ্ঠানিক ভাৱে অগপ'ত যোগদান কৰে ৷
14 চেপ্তেম্বৰৰ পৰা 14 অক্টোবৰলৈ এমাহজোৰা কাৰ্যসূচীৰে ৰাজ্যত চলিছে আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ সদস্য ভৰ্তি অভিযান | ইয়াৰ অংশ হিচাপে বুধবাৰে বিয়লি নামনি অসমৰ বিলাসীপাৰাত উপস্থিত হয় দলটোৰ নেতা ভুপেন ৰায় ৷ আঞ্চলিক দলটোক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দলৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে বুধবাৰে পশ্চিম বিলাসীপাৰা সমষ্টিৰ মহামায়াত উপস্থিত হৈ শুভাৰম্ভ কৰে সদস্য ভৰ্তি অভিযান ৷
মহামায়াস্থিত মুখাৰ্জী বিবাহ ভৱনৰ পেক্ষাগৃহত বুধবাৰে অনুষ্ঠিত সদস্য ভৰ্তি অভিযান সভা আৰু যোগদান পৰ্বত দলটোৰ বিলাসীপাৰা জিলা সমিতিৰ নেতৃবৃন্দৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকল উপস্থিত থাকে ৷ দলীয় হাইকমাণ্ডৰ নিৰ্দেশ মৰ্মে পৰ্যবেক্ষক হিচাপে ভুপেন ৰায় উপস্থিত থাকি দলত সদস্য ভৰ্তি অভিযান সম্পৰ্কে আলোচনা কৰে ৷ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত আঞ্চলিক দলটোক কিদৰে অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰিব পাৰি তাৰ বাবে সকলো শ্ৰেণীৰ নেতা কৰ্মীক একাগ্ৰতাৰে কাম কৰাৰ বাবে আহ্বান জনায় ৷ যুৱ কংগ্ৰেছী নেতা মনোৱাৰ হুছেইনে কংগ্ৰেছ দলৰ প্ৰতি মোহ ভংগ হৈ অগপ'ত যোগদান কৰা বুলি কোৱাৰ লগতে আগন্তুক দিনত স্বচ্ছতাৰে দলটোক সমষ্টিটোত আগুৱাই নিব বুলি কয় ৷