ধুবুৰী,10 জানুৱাৰী : বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা ৷ প্ৰতিটো ৰাজনৈতিক দলে নিজৰ শক্তি প্ৰদৰ্শন কৰি থকাৰ সময়তে দেওবাৰে ধুবুৰীত শক্তি প্ৰদৰ্শন কৰে অগপ দলে ৷ ধুবুৰী অগপ কাৰ্যালয়ৰ পৰা উলিওৱা বাইক ৰেলী ধুবুৰী সমষ্টিৰ লগতে জিলা খনৰ কেইবাটাও সমষ্টি পৰিভ্ৰমণ কৰি দলীয় শক্তি প্ৰদৰ্শন কৰে অগপ দলৰ নেতা কৰ্মী সকলে।
আনহাতে শাসকীয় দলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিলেও আগন্তুক নিৰ্বাচনত ধুবুৰী সমষ্টিত দলীয় প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী উত্থাপন কৰাৰ লগতে অগপৰ জয় নিশ্চিত বুলি দাবী কৰে অগপই ৷ ধুবুৰী সমষ্টিত অগপ দলৰ সাংগঠনিক ভেটি তেনে শক্তিশালী নহ’লেও আগন্তুক নিৰ্বাচনত অগপ দলৰেই প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰিছে অগপৰ কৰ্মকৰ্তা সকলে।
লগতে পঢ়ক: মহানগৰীৰ ৰাজপথত গুলপীয়া বাছ