ETV Bharat / state

বাৰ্ড ফ্লু'ৰ আতংক : নিষেধাজ্ঞাৰ পিচতো বংগৰ পৰা নিতৌ আমদানি ব্ৰইলাৰ

author img

By

Published : Jan 18, 2021, 6:42 PM IST

ধুবুৰীত জব্দ ব্ৰইলাৰ ভৰ্তি বাহন ৷ আৰক্ষীয়ে জব্দ কৰে বাহনকেইখন ৷ বাৰ্ড ফ্লু'ৰ পিচত বহিঃৰাজ্যৰ পৰা মুৰ্গী আমদানিত নিষেধাজ্ঞ জাৰি কৰাৰ পিচতো একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে মুৰ্গী আমদানি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷

After the ban, broilers were imported from West Bengal
বাৰ্ড ফ্লু'ৰ আতংকঃ নিষেধাজ্ঞাৰ পিচতো বংগৰ পৰা নিতৌ আমদানি ব্ৰইলাৰ

ধুবুৰী, 18 জানুৱাৰী : সমগ্ৰ দেশত বাৰ্ড ফ্লু'ৰ আতংকই বিৰাজ কৰাৰ সময়তো বহিঃৰাজ্যৰ পৰা অসমত অবৈধভাৱে ব্ৰইলাৰ মুৰ্গী আমদানি হৈ আছে ৷ সোমবাৰে ধুবুৰী জিলাৰ হালাকুৰা আৰু ছাগলীয়াত আৰক্ষীয়ে জব্দ কৰে 8 খনকৈ ব্ৰইলাৰ মুৰ্গী ভৰ্তি গাড়ী ৷

আৰক্ষীয়ে অভিযান চলাই AS-01HC-0982, AS-16C-6735, AS-17C-2407, AS-17-8711, AS-19C-9519 আৰু AS-19C-8521 নম্বৰৰ গাড়ী কেইখন জব্দ কৰে । বাৰ্ড ফ্লু'ৰ আতংকৰ বাবেই পশু চিকিৎসা বিভাগে বহিঃৰাজ্যৰ পৰা অসমত হাঁহ-কুকুৰাৰ প্ৰবেশত সামুহিকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে । যদিও একাংশ ব্যৱসায়ীয়ে চোৰাং পথেৰে অবৈধভাৱে বহিঃৰাজ্যৰ পৰা অসমলৈ ব্ৰইলাৰ মুৰ্গী সৰবৰাহ কৰিছে ।

জব্দকৃত বাহন

সেয়ে আৰক্ষীয়ে অভিযান চলাই ব্ৰইলাৰ মুৰ্গী কঢ়িওৱা গাড়ী সমূহ জব্দ কৰি পশু চিকিৎসা বিভাগক গতাই দিয়ে । বিভাগে প্ৰতিখন গাড়ীক দুহেজাৰ টকাকৈ জৰিমনা বিহি পুনৰ বংগলৈ উভতাই পঠিয়াই দিয়ে । তাৰোপৰি গাড়ীত থকা ব্ৰইলাৰ মুৰ্গীৰ তেজৰ স্বাৱ সংগ্রহ কৰি পৰীক্ষাৰ বাবে পৰীক্ষাগাৰ লৈ পঠাই দিয়ে পশু চিকিৎসা বিভাগে ।

লগতে পঢ়ক : সাম্প্ৰদায়িক বীজ নহয়,উন্নয়নত গুৰুত্ব দিয়কঃ ড0 হাফিজ ৰফিকুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.