ETV Bharat / state

Double murder case:বিলাসীপাৰাৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:46 PM IST

সাপটগ্ৰাম থানাৰ ৰাণীগঞ্জৰ কুৰ্শাকাটী গাঁৱত শোৱাপাটীতেই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰে শ্বাহজালাল শ্বেখ আৰু পত্নী নাৰ্জিনা বেগমক। দম্পতীক হত্যাত জড়িতক গ্ৰেপ্তাৰ ।

Crime in Bilashipara
বিলাসীপাৰাৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ কাণ্ড

বিলাসীপাৰা, ২৯ আগষ্ট: আৰক্ষীৰ জালত পৰিল ৰাজ্য জোকাৰি যোৱা বিলাসীপাৰাৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ কাণ্ডত জড়িত ৫ অভিযুক্ত । ইয়াৰে শিলচৰত হামিদুল ইছলাম আৰু হাইলাকান্দিত গ্ৰেপ্তাৰ কৰা হৈছে ৰাখিজুল হকক । আনহাতে, ৰাণীগঞ্জৰ পৰা গ্ৰেপ্তাৰ আমিৰ হুছেইন, আমিনুল হক আৰু আফছাৰ আলীক । হামিদুল ইছলাম আৰু ৰাখিজুল হক হৈছে দুই সম্পৰ্কীয় ভাতৃ । তদুপৰি আমিৰ হুছেইন আৰু আমিনুল হকো সম্পৰ্কীয় দুই ভাতৃ। আটাইকেইজনৰ ঘৰ বিলাসীপাৰাৰ ৰাণীগঞ্জত।

গুৱাহাটীৰ ফ'ৰেনচিক দল আৰু ট্ৰেকাৰ ডগৰ সহায়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই পাঁচ অভিযুক্তক । উল্লেখ্য যে আমিৰ হুছেইন ৰাণীগঞ্জ আৰক্ষী চকীৰ গাড়ী চালক আছিল । যোৱা শুকুৰবাৰে নিশা ৰাণীগঞ্জৰ কুৰ্শাকাটীত স্বামী-স্ত্ৰীক শোৱাপাটীতে অতি নিৰ্মমভাৱে হানি-খুচি হত্যা কৰিছিল দুৰ্বৃত্তই । ভূমি বিবাদ কেন্দ্ৰিক সংঘাতক লৈ শ্বাহজালাল শ্বেখ আৰু নাৰ্জিনা বেগমক হত্যা কৰিছিল ঘাতকে । এই ঘটনাকলৈ সমগ্ৰ বিলাসীপাৰাত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

এই চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ ঘটনাক লৈ বিলাসীপাৰাৰ সাপটগ্ৰাম থানাত 68/2023, U/s- 302 IPC ত ৰুজু হৈছিল গোচৰ । আটাইকেইজন অভিযুক্তক ফাঁচীৰ দাবী জনাইছে বিভিন্ন দল সংগঠন, শ্বাহজালাল শ্বেখ আৰু নাৰ্জিনা বেগমৰ আত্মীয়ই ।

লগতে পঢ়ক:Assam Cash for Job scam: তৃষ্ণা শৰ্মাক পানবজাৰ থানাত জেৰা; দুই পলাতক দালালক বিচাৰি অব্যাহত অভিযান

উল্লেখ্য় যে যোৱা ২৬ আগষ্টত দুৰ্বৃত্তই অতি নিৰ্মমভাৱে হত্যা কৰিছিল এই দম্পতীক । দম্পতীৰ গুৱাহাটীত অধ্যয়নৰত কন্যা ছামিনা য়াছমিনে কেইবাবাৰো ফোন কৰাৰ পিছত ফোন ৰিছিভ কৰা নাছিল পিতৃ-মাতৃয়ে । তেওঁ সংকিত হৈ আত্মীয়ক ফোন কৰি নিজ ঘৰলৈ গৈ চাবলৈ কয় ৷ তাৰ পিচতেই আত্মীয়ই শ্বাহজালৰ ঘৰলৈ গৈ শোৱাপাটীতে স্বামী-স্ত্ৰী তেজেৰে লুতুৰি-পুতুৰি হৈ ক্ষত-বিক্ষত হৈ মৃত অৱস্থাত পৰি থকা প্ৰত্য়ক্ষ কৰে ।

লগতে পঢ়ক:Double murder case: নৃশংস ! বৰ্বৰ ! শোৱাপাটীতে দম্পতীক চোকা অস্ত্ৰেৰে হানি-খুচি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.