বিলাসীপাৰা , 02 এপ্ৰিল : সোমবাৰে বিলাসীপাৰাত উপস্থিত হয় কংগ্ৰেছী প্ৰাৰ্থী আবু তাহেৰ বেপাৰী ৷ ধুবুৰী লোকসভা সমষ্টিৰ অধীনস্থ গোৱালপাৰা, বহলপুৰ আৰু চাপৰ হৈ আহি বিলাসীপাৰাত উপস্থিত হোৱা প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক দলৰ জ্যেষ্ঠ কনিষ্ঠ নেতা-কৰ্মী সকলে উষ্ম আদৰণি জনায় ৷ চাপৰৰ পৰা এক শোভাযাত্ৰা কৰি প্ৰাৰ্থীগৰাকীক বিলাসীপাৰালৈ অনা হয় ৷
বিলাসীপাৰাত উপস্থিত হৈ আবু তাহেৰ বেপাৰীয়ে সদম্ভে ঘোষণাকৰে যে এইবাৰ নিৰ্বাচনত সমষ্টিটোত কংগ্ৰেছৰ জয় নিশ্চিত কিয়নো ৰাইজে তেখেতক বিপুল সমৰ্থন আগবঢ়াইছে ৷আনহাতে বদৰুদ্দিন আজলক কটাক্ষ কৰি প্ৰাৰ্থীগৰাকীয়ে কয় যে আজমলৰ জৰা ফুঁকাৰ ৰাজনীতিত সমষ্টিবাসী আৰু ভোল নাযায় আৰু শংকৰ-আজানৰ দেশত সমষ্টিবাসীয়ে সাম্প্ৰদায়িক ৰাজনীতিক প্ৰশ্ৰয় নিদিয়ে ৷ইপিনে বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা অগপ প্ৰাৰ্থী জাবেদ ইছলামক নাগৰিকত্ব সংশোধনী বিধেয়ক বিলে ডুবাব বুলি মন্তব্য কৰে কংগ্ৰেছী প্ৰাৰ্থীজনে ৷ সেয়ে এইবাৰ নিৰ্বাচনত এ আই ইউ ডি এফ আৰু বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী দুগৰাকী কংগ্ৰেছৰ বাবে কোনো ফেক্টৰ নহয় বুলি উল্লেখ কৰে আবু তাহেৰ বেপাৰীয়ে৷উল্লেখ্য যে কংগ্ৰেছ দল ত্যাগ কৰি বিগত বিধানসভা নিৰ্বাচনত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰত উৰি বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল এইগৰাকী আবু তাহেৰ বেপাৰীয়ে ৷ পৰৱৰ্তী সময়ত বিজেপি দলত নিজৰ খোপনি পুতিবলৈ সক্ষম নোহোৱাত পুনৰ ঘুৰি আহে কংগ্ৰেছৰ মজিয়ালৈ ৷