ETV Bharat / state

চৈবাৰী চাহ বাগিচাত 'আছা'ৰ মানৱ শৃংখল কাৰ্যসূচী

author img

By

Published : Sep 20, 2020, 5:26 AM IST

পূৱ বিলাসীপাৰাৰ চাপৰৰ চৈবাৰী চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্র সন্থাই আহ্বান জনোৱা মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত হৈ ষ্টীফেন লাক্ৰাই জাতি মাটি ভেটিৰ শ্ল’গান দিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰক অতি শীঘ্ৰে আদিবাসী সকলক জনজাতিকৰণ ,মাটিৰ পট্টা, শ্ৰমিকৰ দিন হাজিৰা বৃদ্ধি কৰাৰ দাবী জনাইছে ।

Breaking News

পূৱ বিলাসীপাৰা, ১৯ ছেপ্টেম্বৰ : ‘‘বিজেপিৰ ভুৱা জাতীয়তাবাদৰ প্ৰতি অসমৰ ৰাইজৰ মোহ ভংগ হৈছে । সেয়ে অসমৰ ৰাইজে বিকল্প ৰাজনৈতিক দল বিচাৰিছে । বিজেপিক বিদায় দিয়াৰ স্বাৰ্থত আছা ই যিকোনো ৰাজনৈতিক দলক সমৰ্থন জনাব । বিজেপিয়ে আদিবাসী সকলক প্ৰতাৰণা কৰিছে । বিজেপি অকল কথাতহে কামত নাই ।’’- সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি ষ্টীফেন লাক্ৰাৰ চাঞ্চল্যকৰ মন্তব্য এইয়া ৷

পূৱ বিলাসীপাৰাৰ চাপৰৰ চৈবাৰী চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্র সন্থাই আহ্বান জনোৱা মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত হৈ লাক্ৰাই জাতি মাটি ভেটিৰ শ্ল’গান দিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰক অতি শীঘ্ৰে আদিবাসী সকলক জনজাতিকৰণ ,মাটিৰ পট্টা, শ্ৰমিকৰ দিন হাজিৰা বৃদ্ধি কৰাৰ দাবী জনাইছে ।

চৈবাৰী চাহ বাগিচাত 'আছা'ৰ মানৱ শৃংখল কাৰ্যসূচী

ভাষণ প্ৰসংগত ষ্টীফেন লাক্ৰাই কয় যে, বিজেপিৰ প্ৰতি অসমৰ ৰাইজৰ মোহভংগ হৈছে । আছু, সদৌ অসম জাচীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই নহয় কৃষক মুক্তি সংগ্ৰাম সমিতিও যদি ৰাজনীতিলৈ আহে অকল বিজেপিক বিদায় দিয়াৰ স্বাৰ্থত আদিবাসী সকলে যিকোনো ৰাজনৈতিক দলক সমৰ্থন জনাব । বিজেপি দলে অকল শ্ল’গান আৰু প্ৰতিশ্ৰুতিয়ে দিব জানে বুলি উল্লেখ কৰি তেওঁ কয় যে, বিজেপি অকল কথাতহে কামত নাই । উল্লেখ্য য়ে, ৰাজ্যজুৰি আছাই চৰকাৰৰ বিৰুদ্ধে এই মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে শনিবাৰে ৷

লগতে পঢ়ক : মূল্যবৃদ্ধি ৰোধৰ দাবীৰে নাৰেংগীত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.